Ramanujan Secondary School HS Result:উ:মা: চুড়ান্ত পৰীক্ষাত শীৰ্ষত নগাঁও

২১ গৰাকী স্থান প্ৰাপকে উজ্বলালে নগাঁৱক , কলা আৰু বিজ্ঞানত শীৰ্ষ স্থানৰে ১৯ গৰাকীকৈ শিক্ষাৰ্থীয়ে নাম উজ্জ্বলালে ৰামানুজন চেকেণ্ডাৰী বিদ্যালয়ক

Ramanujan secodary School

Ramanujan Secondary School HS Result:

পুনৰ স্থান লাভেৰে জিলিকি উঠিছে ৰাজ্যৰ শিক্ষাৰ হাব ৰূপে খ্যাত হোৱা নগাঁৱৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ৰামানুজন চেকেণ্ডাৰী বিদ্যালয়। আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কলা আৰু বিজ্ঞান শাখাত ১৯ গৰাকীকৈ শিক্ষাৰ্থীয়ে নাম উজ্জ্বলালে ৰামানুজন চেকেণ্ডাৰী বিদ্যালয় নাম।

ADVERTISEMENT

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ লগে লগে ৰাজ্যত দেখা গৈছে উছৱ মুখৰ পৰিৱেশ। একেদৰে দেখা পোৱা গৈছে শিক্ষা নগৰীটো আনন্দমুখৰ পৰিৱেশ। চহৰ খনৰ ৰামানুজন সহ কে’বাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে লাভ কৰিছে স্থান ৷

নগাঁও চহৰৰ মাজমজিয়াৰ আমোলাপট্টিস্থ ৰামানুজন চেকেণ্ডাৰী বিদ্যালয়ত আজি পুৱা ন বজাৰ পাছৰে পৰা এক উখল মাখল উছৱ মুখৰ পৰিৱেশ।

কলা, বিজ্ঞান শাখাত ১৯ জনৰ স্থান প্ৰাপ্তিৰে ৰেৰ্কড গঢ়িলে নগাওঁ ৰামানুজনে ৷ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ নিখিলেষ দত্তই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত লাভ কৰিলে প্ৰথম স্থান ,একেদৰে দ্বিতীয় স্থানত যুটীয়াভাৱে বিশ্বজিৎ দাস,অৰজিৎ ৰয়,ৰিষৱ উপাধ্যায় ,তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম, চতুৰ্থ স্থানত সত্যজিৎ কামান,ষষ্ঠ স্থানত ভাৰ্গৱ শ্যাম ,সপ্তম স্থানত বিকাশজ্যোতি চহৰীয়া,অষ্টম স্থানত শতপ্ৰিয়া বৰকাকতি,দশম স্থানত যুটীয়াভাৱে অভিলাষা হিমাশ্ৰী দাস আৰু ক্ৰিয়া ডেকা ৷

আনহাতে কলা শাখাত দ্বিতীয় স্থান অধিকাৰ কৰে দিয়া মহন্তই ৷ একেদৰে চতুৰ্থ স্থানত শুক্লেনমং চেত্ৰী,পঞ্চমত শ্বেখ ছানিয়া তাজনিন ৰহমান,অষ্টমত যুটীয়াভাৱে জেৰিফা আহমেদ,সকল্পজিৎ শইকীয়া, সপ্তমত শ্বৱনম শইকীয়া ,দশমত যুটীয়াভাৱে ৰক্তিমা পাটৰ আৰু মৃন্ময় কুমাা বৰাই স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

শিক্ষানুষ্ঠান খনৰ এই এভাৰেষ্ট সদৃশ ফলাফলত আনন্দত আত্মহাৰা হৈ পৰিছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ দিলীপ বৰা।

শিক্ষানুষ্ঠান খনৰ ছাত্ৰ-ছাত্ৰীৰ মুখত আজি ‘মন হীৰা দৈ’ আৰু ‘নাহৰ’ আদি গীতৰে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। একেদৰে এই ফলাফলে নগাঁওবাসীক গৌৰান্বিত কৰাৰ লগতে বিদ্যালয়খনকো পুনৰ গৌৰান্বিত কৰিছে।

মনকৰিবলগীয়া যে,২১ গৰাকী স্থান প্ৰাপকে উজ্বলাবলৈ সক্ষম হয় নগাঁওক ৷ আনহাতে ৰাজ্যৰ ৰাজধানী গুৱাহাটীমহানগৰীৰ কে’বাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৰিজাল্ট পুনৰ পুতৌজনক ৷ এক প্ৰকাৰ বিধ্বস্ত গুৱাহাটীৰ ফলাফল।

Exit mobile version