Summer Flow:
উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ একেদৰে মহানগৰীটো অব্যাহত আছে গ্ৰীষ্মপ্ৰবাহ । দিনক দিনে বৃদ্ধি পোৱা গৰমে ৰাইজক জ্বলাকলা খুৱাইছে ৷ এজাক বৰষুণৰ বাবে অপেক্ষাৰত হৈ আছে যদিও আগন্তুক ২৪ ঘন্টাত বৰষুণৰ সম্ভাৱনা নাই বুলি সদৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷
আজি দুপৰীয়া ভাগলৈ গুৱাহাটীৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী আছিল যদিও আবেলি ৩৭ লৈ হ্ৰাস পায় ৷ আনহাতে আবেলি অহা এজাক পাতলীয়া বৰষুণে কিছু শাত পেলাই মহানগৰবাসীক ৷
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আগন্তক ৪৮ ঘন্টাত গৰমৰ পৰা ৰেহাই নাপায় মহানগৰবাসী ৷ ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটীক বাদ দি ৰাজ্যৰ কে’বা খনো জিলাত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
আনহাতে আঠ আৰু ন জুনত অসমৰ অধিকাংশ জিলাৰ কেতবোৰ স্থানত পাতলীয়া বৰষুণ আৰু বিজুলী- ঢেৰেকনি অহাৰ সমান্তৰালভাৱে ১০ জুনত কিছু ঠাইত মধ্যমীয়া বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে।