Guwahati Ragging Incident:মহানগৰীত পুনৰ সংঘটিত আন এক ৰেগিঙৰ ঘটনা

গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰৰ উদণ্ড আচৰণ, প্ৰহাৰ অভিভাৱকক, মহিলা সাংবাদিকক স্কুলৰ কৰ্তৃপক্ষই প্ৰহাৰ কৰাৰ অভিযোগ

gurukul

Guwahati Ragging Incident:

ৰাজ্য চৰকাৰে চৰকাৰী – বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত ৰেগিং বন্ধৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও একাংশ শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ চৰম অমনোযোগিতাৰ বাবে সংগোপনে অব্যাহত আছে ৰেগিঙৰ দৰে মহাব্যাধি ৷

গুৱাহাটী মহানগৰীত বুধবাৰে সংঘটিত হোৱা ৰেগিঙৰ বাবেই সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ মহানগৰীৰ গীতানগৰস্থ গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰেগিঙৰ নামত একাংশ ছাত্ৰৰ উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্ৰম কৰে ।

শিক্ষানুষ্ঠান খনৰ একাংশ জ্যেষ্ঠ ছাত্ৰই নৱাগত ছাত্ৰ এজনক ৰেগিং কৰি থকাৰ সময়ত পিতৃয়ে উদণ্ড ছাত্ৰৰ মাজৰ পৰা বচাবলৈ গৈ প্ৰহাৰৰ সন্মুখীন হয় ৷ উদণ্ড জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় একাদশ শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ পিতৃ ।

উল্লেখ্য যে,এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পাছতো বিষয়টো থাপি থপি ৰাখিবলৈ উঠিপৰি লাগে শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষ ৷

অৱশ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ অন্তত বৃহস্পতিবাৰে গুৰুকুল গ্ৰামাৰ উ:মা:বিদ্যালয়ৰ কৰ্তৃপক্ষই এক ততাতৈয়াকৈ জৰুৰী সভা অনুষ্ঠিত কৰি ৰেগিং কাণ্ডৰ স’তে জড়িত থকা সাত গৰাকী শিক্ষাৰ্থীক সাত দিনৰ বাবে বৰ্খাস্ত কৰি বিষয়টো গাপ দিয়াৰহে চেষ্টা কৰে ৷

উল্লেখ্য যে,ৰেগিঙৰ খবৰ পাই শিক্ষানুষ্ঠান খনত নিউজ কভাৰেজ কৰিবলৈ যোৱা এগৰাকী মহিলা সাংবাদিকক গুৰুকুলৰ কৰ্তৃপক্ষই প্ৰহাৰ কৰাৰ গুৰুৰ অভিযোগ উদ্থাপিত হয় ৷

মনকৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও অভিজাত শিক্ষানুষ্ঠান খনত সংঘটিত হৈছিল কে’বা টাও ৰেগিঙৰ ঘটনা ৷ কিন্ত দেখিও চকু মোদা কুলিৰ ভাও জোৰে কৰ্তৃপক্ষ ৷

স্মতৰ্ৱ্য যে,শিক্ষানুষ্ঠান খনত সংঘটিত হৈ থকা ধাৰাবাহিক ৰেগিং কাণ্ডক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক সকল ৷
অভিজাত শিক্ষানুষ্ঠান খনত চেগাচোৰোকাকৈ হৈ থকা ৰেগিং সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version