Jharkhand Coal Field Incident:ঝাৰখণ্ডৰ কয়লা খনিত অবৈধ খনন দুৰ্ঘটনাত তিনিজন শ্ৰমিকৰ মৃত্যু

jharkhand

Jharkhand Coal Field Incident:

ঝাৰখণ্ডৰ ধানবাদ জিলাত এটা অবৈধ কয়লাৰ খনি হঠাতে খহি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হ’ল। প্ৰকাশিত বাতৰি অনুসৰি, ধ্বংসপ্রাপ্ত কয়লা খনিৰ ধ্বংসস্তূপৰ মাজত কে’বাজনো লোক আবদ্ধ থকা বুলি সন্দেহ কৰা হৈছে।

ধানবাদৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰে এই কথা প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, জাৰিয়াস্থিত ভৌৰাত ভাৰত কুকিং ক’ল লিমিটেডৰ অবৈধ খনিত এই দুর্ঘটনা সংঘটিত হ’ল।

সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছত অবৈধ কয়লা খনিটোৰ পৰা এজন লোক মৃতদেহ উদ্ধাৰ কৰা হ’ল। সম্প্ৰতি প্ৰশাসনে কয়লা খনিটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Exit mobile version