Paribartan: স্বেচ্ছাসেৱী অনুষ্ঠান “পৰিবৰ্তন” আৰু “উল্লাস”ৰ উদ্যোগত গুৱাহাটীৰ পদপথৰ দৰিদ্ৰ লোকক  আহাৰ যোগান কাৰ্য্যসুচী

jorhat 1

Paribartan:

যোৰহাটৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “পৰিবৰ্তন” আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অন্য এটা স্বেচ্ছাসেৱী অনুষ্ঠান “উল্লাস”ৰ উদ্যোগত আজি গুৱাহাটীৰ পদপথ দৰিদ্ৰ লোকসকলৰ বাবে আহাৰ যোগানৰ এক কাৰ্য্যসুচী হাতত লোৱা হয়।

 

উক্ত কাৰ্য্যসুচীৰ দ্বাৰা পদপথৰ প্ৰায় তিনিশ দৰিদ্ৰ লোকক আহাৰ যোগান ধৰা হয়। “পৰিবৰ্তন”ৰ সভাপতি ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে নিজে উপস্থিত থাকি পদপথৰ ব্যক্তিসকলক আহাৰ যোগান ধৰাৰ ওপৰিও তেখেতসকলৰ লগত মত বিনিময়ো কৰে।

এই কাৰ্য্যসুচীত “উল্লাস”ৰ সভাপতি অনিৰুদ্ধ কাশ্যপ, সদস্য ৰিটিজ বৰুৱা, অজয় বাল্মীকি সহ বহুকেইগৰাকী যুৱ সমাজকৰ্মী উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াই।

Exit mobile version