Unesco Join Usa :পুনৰ ইউনেস্ক’ত যোগদান কৰিব আমেৰিকাই

jo baiden

Unesco Join Usa:

ADVERTISEMENT

আমেৰিকান ৰাষ্ট্রপতি জ’ বাইডেনৰ প্ৰশাসনে ঘোষণা কৰা অনুসৰি মূলত: চীনৰ প্ৰত্যাহ্বানক প্ৰত্যুত্তৰ দিবলৈ আমেৰিকাই ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন ইউনেস্কত পুনৰ যোগদান কৰিব।

উল্লেখ্য যে বাইডেনৰ পূৰ্বৱৰ্তী ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ কাৰ্যকালত আমেৰিকাই পাঁচ বছৰৰ বাবে ইউনেস্ক’ৰ পৰা প্ৰস্থান কৰিছিল।

মার্কিন বৈদেশিক মন্ত্রণালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আমেৰিকাই ইতিমধ্যে ইউনেস্ক’ত পুনৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে যোৱা শনিবাৰে এখন পত্র ৰাষ্ট্ৰসংঘৰ সংস্থাটোলৈ প্ৰেৰণ কৰিছে।

ট্রাম্পৰ পূর্বে ১৯৮৩ ত তদানীন্তন ৰাষ্ট্ৰপতি ৰীগেনৰ কাৰ্যকালতো আমেৰিকাই ইউনেস্ক’ৰ পৰা প্ৰস্থান কৰিছিল। পাছত ২০০২ ৰাষ্ট্রপতি জৰ্জ ডব্লিঅ’ বুশ্বে আমেৰিকাক পুনৰ ইউনেস্ক’ৰ সদস্যভুক্ত কৰিছিল।

Exit mobile version