Delimitation of constituency: খচৰাক লৈ গৰজি উঠিল শাসক দলৰ মন্ত্ৰী -বিধায়ক 

অৱশ্যে দল হিচাপত ৰাজ্যিক বিজেপি খচৰাখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।  আজি দলৰ হৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই খচৰাখনক অসমীয়া জাতিৰ ৰক্ষাকবচ আখ্যা দিয়ে

ANI 20230101115931

নির্বাচন আয়োগে প্রকাশ কৰা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ দল-সংগঠনবোৰৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Delimitation of constituency: খচৰাক লৈ গৰজি উঠিল শাসক দলৰ মন্ত্ৰী -বিধায়ক

শাসকীয় পক্ষই খচৰাখনক আদৰণি জনোৱাৰ বিপৰীতে বিৰোধীয়ে কঠোৰ সমালোচনা কৰিছে। লক্ষ্যণীয়ভ পক্ষৰে কোনো কোনো নেতা আকৌ সমালোচনাত মুখৰ হৈছে।

বিজেপি, অগপত এনে পৰিৱেশ পৰিলক্ষিত হৈছে। অৱশ্যে দল হিচাপত ৰাজ্যিক বিজেপি খচৰাখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

আজি দলৰ হৈ মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : ৰাজ্যত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে চৰকাৰে কঠোৰ আইন আনিব:মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই খচৰাখনক অসমীয়া জাতিৰ ৰক্ষাকবচ আখ্যা দিয়ে।

খচৰাখনক লৈ সকলোপক্ষ সন্তুষ্ট বুলিও দাবী কৰা মাৰ্ঘেৰিটাই কয়, ‘এইখনৰ জৰিয়তে ভূমিপূত্ৰৰ বল হ’ব। জাতি-জনগোষ্ঠী সম্প্ৰদায়ৰ ৰাজনৈতিক খচৰাখনৰ আধাৰত বৃদ্ধি হ’ব।

যেনে অনুসূচিত জাতিৰ বাবে সংরক্ষিত সমষ্টিৰ সংখ্যা ১৬ৰ পৰা ১৯ টালৈ বৃদ্ধি কৰা হৈছে। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যাও আঠৰ পৰা নটালৈ বৃদ্ধি কৰা হৈছে। কাৰ্বি, তৃতীয়া আদিৰ বাবে সমষ্টি বৃদ্ধি হৈছে। মৰাণ আৰু মটকর প্রতিনিধিত্বর সুযোগে বঢ়োৱা হৈছে।

অসমীয়াৰ বাবে ভাল খবৰ যে খচনাখনৰ বিধানসভা ৯০-১০০ টা সমষ্টি খিলঞ্জীয়া ভূমি আৰু ভাৰতীয় মূলৰ প্ৰকৃত নাগৰিকৰ হাতত থাকিব।

এনেদৰে  অসমবাসীক সুৰক্ষা প্ৰদান কৰা হৈছে।

বিজেপিৰ সুৰতে সুৰ মিলাই মিত্রদল অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাৱো খচৰাখনক লৈ সন্তুষ্টি প্রকাশ করে। ‘বিলল্পীয়াৰ বাবে সমষ্টি পুনৰ গঠন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা বৰাই লগতে কর যে অগপই খচৰাখন সুক্ষ্মভাৱে নির্বাক্ষণ কৰি আছে।

অলগতে এখন বিশেষ সভাও অ্যাপই পাতিব বুলি কৰাই জানিবলৈ দিয়ে; কিন্তু একে সময়তে শচবাজনক সমালোচনা কৰিছে শাসকীয় মিত্রজোট মন্ত্রী বিধায়কে। 

নিজৰ সমষ্টি হেৰুৱাই কাৰ্যতঃ দিশহাৰা হৈ নিবাচন আয়োগক তীক্ষ্ণ সমালোচনা কৰিছে জোষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

ৰাজ্যিক বিজেপিৰ অন্যতম পুৰণি নেতাজনে প্রতিনিধিত্ব কৰি অহা বলাই সমষ্টিটো বিলুপ্ত কৰি নিৰ্বাচন আযোগে নরসিংপুর নামৰ এটা নতুন সমটি গঠন কৰাক কেন্দ্র কৰি আজি কয়, ধলাই  সমষ্টিটো হঠাতে কিয় নোহোৱা কৰিলে নির্বাচন আয়োগে ৰাইজক ক’ব লাগে। কোনো কারণ নোহোৱাকৈ সমষ্টিটো কৰ্তন কৰিব নোৱাৰে। পুৱাৰে পৰা মই সমষ্টিবাসীৰ আপত্তি শুনি আছো। মই নির্বাচন আয়োগক শীঘ্ৰেই এই আপত্তিৰ কথা জনাম। সমষ্টিৰ নামটো সলনি কৰাৰ ফলত ৰাইজৰ কি সুবিধা বা লাভ হ’ব সেই কথা আয়োগে ৰাইজক জনাব লাগিব।

ইফালে, অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু জোট নেতা কমলাকান্ত কলিতায়ো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিধায়ক হাজৰিকাই কয়, মই এইখন খচৰা নামানো। মই প্রতিনিধিত্ব কৰা আমগুৰি সমষ্টিটো খচৰাত বিলোপ কৰা হৈছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট হৈছে যে যিসকলে খচৰায়ন প্রস্তুত কৰিছে তেওঁলোকৰ গণনা শুদ্ধ নহয়। এনে কাৰ্যই সকলোনে ক্ষতি কৰিব।’

একেদৰে তীব্র ক্ষোভ প্রকাশ কৰি কমলাকান্ত কলিতাই কয়, এই খচৰাখন মুঠেই গ্রহণযোগ্য নহয়। খচৰাখন প্রস্তুত সাত প্রয়োজনীয় নীতি-নির্দেশনা পালন কৰা নহ’ল৷ আমাৰ গতি সমষ্টিটো বিলোপ কৰা হৈছে। ৰাজনৈতিক উদেশ্য প্রণোদিতভাৱে আৰু কাবোৰ ইজ্যেৰ সপক্ষে যেন এই কাম কৰা হৈছে।”

আইইউডিএফৰ সভাপতি বনকদ্দিন আজমলে আকৌ মন্তব্য করে যে বিজেপি আৰু কারেছে মিলিজুলি কৰিছে। এই মন্তবাদ যুক্তি দি আমলে কনা, বিজেপি আৰু কংগ্ৰেছে বিচাৰে যে অসমৰ পৰা এডাইইউডিএফ নোহারা হওঁক। সেইকাৰণে কংগ্ৰেছৰ বাবে ১২-১৫ খন আসন বঢ়োৱা হৈছে।সমষ্টিবোৰত মুছলমানৰ ভোট কমোৱাৰ চেষ্টাও কৰা হৈছে। আমি খচৰাখনৰ বিৰুদ্ধে আমার কথা নির্দিষ্ট স্থানত কম।

খচৰানেক চক্ৰান্তমূলক আখ্যা দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে।

চিপিআই সলে খচৰাখন বিজেপির ভোটবেংক সৃষ্টির কৌশল বুলি অভিহিত করে। দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মুনীন মহন্তই কথা, ‘এটা গোচৰ উচ্চতম ন্যায়ালয়ত বিচারাধীন হৈ থকা সত্ত্বেও জৰাখন প্ৰকাশ কৰাতো আইন বিকল্প কার্য।দেশৰ আইন ব্যৱস্থাক গুরুত্বহীন কৰি খচৰা প্ৰকাশৰ দৌৰা দৌৰি কিয়? নিশ্চয় উদ্দেশ্য সৎ নহয়।

ইপিনে, সদৌ অসম ছাত্ৰ সন্থাই কয় যে তেওঁলোকে খচৰাৰ অধ্যয়ন অব্যাহত ৰাখিছে। অৱশ্যে খিলঞ্জীয়াৰ  অধিকাৰ আৰু প্রভুত্ব নিশ্চিত হব লাগিব বুলি কয় প্রধান উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই।

Exit mobile version