DGP Launches Facebook And Twitter Accounts:ডিজিপিৰ দ্বাৰা এছ টি এফ আৰু ভিডিঅ’ৰ ফেচবুক আৰু টুইটাৰ একাউণ্ট মুকলি

gpsing

DGP Launches Facebook And Twitter Accounts:

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি শিলচৰত এক পৰ্যালোচনা বৈঠকত অংশ লৈ বিশেষ টাস্ক ফ’ৰ্চ, অসম আৰু গাওঁ প্ৰতিৰক্ষা সংস্থাৰ ফেচবুক আৰু টুইটাৰ একাউণ্ট মুকলি কৰে।

উল্লেখ্য যে,এছ.টি.এফ. আৰু স্বেচ্ছাসেৱী সংগঠনৰ সামাজিক মাধ্যম একাউণ্ট,অসম আৰক্ষীৰ সৈতে জড়িত ভিডিঅ’ৰ লক্ষ্য হৈছে সাধাৰণ ৰাইজৰ সৈতে সংযোগ স্থাপন কৰা।

আনহাতে এছটিএফে অবৈধ ঔষধ সম্পৰ্কীয় লিখিতভাৱে তথ্য প্ৰচাৰৰ বাবে ৰাইজৰ বাবে ৬০৩৬৯-০১৩৫৮ এটা ম’বাইল নম্বৰ মুকলি কৰি কোনো লোকে তথ্য দিয়া ইনফৰ্মাৰৰ পৰিচয় কঠোৰভাৱে গোপনীয় ৰখা হ’ব বুলি উল্লেখ কৰে ডিজিপি গৰাকীয়ে ।

উল্লেখযোগ্য, ডি ৱাই আই জি ( প্ৰশাসন ) আৰু চিচিভিডিঅ’ৰ সৈতে বৰাক উপত্যকালৈ তিনিদিনীয়া ভ্ৰমণত অহা ডিজিপি জি পি সিঙে সকলোকে এই এছএম প্লেটফৰ্মআৰু এছটিএফৰ ইনফোলাইন ম’বাইল নম্বৰৰ সেৱা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই।

Exit mobile version