Meghalaya Violent Clash :শীতকালীন ৰাজধানী স্থাপনৰ দাবীক লৈ চৰম উত্তেজনা তুৰাত, সান্ধ্য আইন জাৰি

মুখ্যমন্ত্ৰী চাংমাৰ কাৰ্যালয়ত আক্রমণ উত্তেজিত একাংশ ক্ষুব্ধ জনতাৰ, দীর্ঘসময় সতীর্থ মন্ত্রীসহ কাৰ্যালয়ত আবদ্ধ কনৰাড

tura

Meghalaya Violent Clash :

শ্বিলঙৰ দৰে সমানে গুৰুত্ব বৃদ্ধি কৰিবলৈ গাৰো পাহাৰৰ তুৰাত মেঘালয়ৰ শীতকালীন ৰাজধানী স্থাপনৰ দাবী দীর্ঘদিন ধৰি উত্থাপিত হৈ অহাৰ মাজতে সোমবাৰে সন্ধিয়া তুৰাত বৃহৎ সংখ্যক লোকে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ তুৰাস্থ কাৰ্যালয়ত আক্রমণ চলায়।

সেই সময়ত মুখ্যমন্ত্রী চাংমা কাৰ্যালয়ৰ ভিতৰত গাৰো পাহাৰৰ বিভিন্ন সংগঠনৰ লগত আলোচনাত ব্যস্ত আছিল। শিল, ইটাৰ টুকুৰা আদি দলিয়াই কৰা এই আক্ৰমণত কমেও পাঁচজন নিৰাপত্তাৰক্ষী আহত হয়। লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰো বিস্তৰ ক্ষতিসাধন হয়।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনাও কৰে যদিও উত্তেজিত লোকসকলক নিয়ন্ত্রণত ব্যর্থ হয়। ফলত কে’বাজনো প্ৰতিবাদকাৰী আহত হয়। আৰক্ষীৰ প্রত্যাহ্বানক নেওচি একাংশ লোক অধিক উন্মত্ত হৈ পৰে। ফলত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয়।

এনেদৰে দীর্ঘ সময়ৰ পাছত সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হয় যদিও তুৰাৰ পৰিবেশ উত্তেজনাপূর্ণ হৈ পৰাত তৎকালীনভাৱে সান্ধ্য আইন জাৰি কৰা হয়।

এই ঘটনাৰ ফলত মুখ্যমন্ত্ৰী চাংমা দীর্ঘসময় তেওঁৰ কাৰ্যালয়ত আবদ্ধ হৈ থাকিবলগীয়া হয়। মুখ্যমন্ত্ৰীৰ লগত মেঘালয় চৰকাৰৰ আন কে’বাগৰাকী মন্ত্রীও কার্যালয়টোত উপস্থিত আছিল। অৱশ্যে চাংমা অথবা তেওঁৰ সতীৰ্থসকল কোনো ধৰণৰ আঘাতৰ পৰা ৰক্ষা পৰে।

উল্লেখ্য যে মেঘালয়ৰ একেবাৰে পশ্চিম প্রান্তত অৱস্থিত গাৰো পাহাৰ জিলা। মেঘালয়ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত জিলাখনে এক গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। মুখ্যমন্ত্ৰী চাংমাৰ ঘৰো পশ্চিম গাৰো পাহাৰ জিলাত। জিলাখনৰ সদৰ তুৰাত সেয়েহে মেঘালয়ৰ শীতকালীন ৰাজধানী স্থাপনৰ দাবী তাৰ বিভিন্ন সামাজিক সংগঠনে দীৰ্ঘদিনৰে পৰা উত্থাপন কৰি আহিছে। এই দাবীক লৈ চলি অহা আন্দোলনৰ অংশৰূপে তুবাৰ নাগৰিক সমাজে ধাৰাবাহিক অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে ।

এই বিষয়টোক লৈয়ে মন্ত্ৰীসভাৰ কে’বাজনো সতীৰ্থসহ মুখ্যমন্ত্রী চাংমাই গাৰো পাহাৰৰ দল- সংগঠনৰ লগত সোমবাৰে তুৰাত থকা তেওঁৰ কাৰ্যালয়ত বিয়লিৰ পৰা আলোচনাত মিলিত হয়। এই আলোচনা চলি থকাৰ মাজতে অসংখ্য লোকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ওপৰত আক্ৰমণ চলায়।

আনহাতে মুখ্যমন্ত্ৰী কনৰাড চাংমাই , এই ঘটনাত প্ৰতিজন আহতক ৫০ হেজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰাৰ লগতে তেওঁলোকৰ চিকিৎসা ব্যয়ো চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰিছে।

শেহতীয়া খবৰ অনুসৰি পৰিস্থিতি কিছু স্বাভাৱিক যদিও চেপা উত্তেজনা অব্যাহত আছে ৷ ইপিনে ,সমগ্ৰ তুৰাত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীয়ে দিছে টহল  ৷

Exit mobile version