Astc City Cabs Service :
মহানগৰীত বসবাস কৰা সৰ্বসাধাৰণ লোক সকলে এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ বাচি লয় অ’লা- উবেৰ কেব সেৱা ৷ বিশেষকৈ চৰকাৰী-বেচৰকাৰী বিষয়া-কৰ্মচাৰী সকলে পুৱাতে নিজ নিজ কাৰ্যালয়লৈ যাবলৈ প্ৰথম পচন্দ হিচাপে বাচি লয় অ’লা- উবেৰ কেব ৷
অৱশ্যে প্ৰায়েই ভাড়াক লৈ এই সেৱা সমূহৰ বিৰুদ্ধে নানান অভিযোগ উদ্থাপিত হৈ আহিছে ৷ ভাড়াক লৈ কেব চালকৰে যাত্ৰীৰ সংঘাত হোৱাও দেখা যায় ৷
কিন্ত এতিয়া মহানগৰবাসীৰ চিন্তা নাই। এইবাৰ অ’লা- উবেৰক প্ৰত্যাহ্বান জনাবলৈ গুৱাহাটীত আৰম্ভ হ’ব চৰকাৰী কেব সেৱা ৷ মহানগৰীৰ ৰাজপথত সূলভ হ’ব এএছটিচি চিটি কেব সেৱা ৷
চৰকাৰী উদ্যোগত চলিব এই সেৱা ৷ মহানাগৰিকে কম খৰচতে উঠিব পাৰিব চৰকাৰী কেবত ৷
উল্লেখ্য যে, এই কেৱ সেৱাত ন্যূনতম ভাড়া, জিৰ’ কেনচেলেচন চাৰ্জৰ সুবিধা লাভ কৰিব যাত্ৰীসকলে। সেয়েহে যাত্ৰী সকলে এই কেব সেৱা বুকিঙৰ বাবে ডাউনলোড কৰিব লাগিব Astc City Cabs App ৷