NLFB leader M Batha Arrested:এন‌এল‌এফবি নেতা এম বাথাক গ্ৰেপ্তাৰ ওদালগুৰি আৰক্ষীৰ

বাথাৰ বিৰুদ্ধে ধনদাবী ,মাৰণাস্ত্ৰ লগত ৰখাৰ অভিযোগ

bathai ARRESTED

NLFB leader M Batha Arrested:

এসময়ৰ দুধৰ্ষ এনডিএফবি নেতা তথা বৰ্তমান এন‌এল‌এফবি হিচাপে যুদ্ধবিৰতি শিৱিৰত থকা বিনোদ মোছাহাৰী ওৰফে এম বাথাক আজি ওদালগুৰি আৰক্ষীয়ে কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ।

ADVERTISEMENT

২০২১ চনত এন এল এফ বিয়ে যুদ্ধবিৰতি ঘোষণা কৰিছিল যদিও এম বাথাই বিটিআৰত অন্য এটা নতুন উগ্ৰপন্থী সংগঠন গঠন কৰি ধন দাবী কৰাৰ অভিযোগ লাভ কৰি বুধবাৰে ওদালগুৰি আৰক্ষীয়ে তেওঁক কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি এক সূত্ৰই জানিবলৈ দিয়ে।

২০২১ চনৰ জুলাই মাহত আত্মসমৰ্পণ কৰাৰ পিছত এম বাথাই কোকৰাঝাৰৰ নিৰ্দিষ্ট শিবিৰত বাস কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত বাথাৰ বিৰুদ্ধে উত্থাপিত হৈছিল ধনদাবীকে আদি কৰি মাৰণাস্ত লগত ৰখাৰ অভিযোগ।

উক্ত অভিযোগৰ ভিত্তিতেই ওদালগুৰিত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/১২১/১২১এ/১২২/৩৮৭/৫০৬ ৰ লগতে ২৫(১-এ) নম্বৰৰ Arms Act।

উল্লেখ্য যে এন‌এল‌এফবিৰ হৈ ঘন জংঘলৰ পৰা ওলাই অহা সময়ত বাথাই স্পষ্ট কৰিছিল যে সংগঠনটোৱে আত্মসমৰ্পন কৰা নাই। বৰঞ্চ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আহ্বান মৰ্মেহে শান্তি আলোচনাৰ স্বাৰ্থত যুদ্ধ বিৰতি ঘোষণা কৰিছিল।

আজিৰ এই ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে স্পষ্টভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই।

Exit mobile version