Fraud:
মুখ্যমন্ত্ৰীৰ অএছ ডিৰ নামত কোটি কোটি সংগ্ৰহ কৰি ইতিমধ্যে আত্মগোপন কৰা মহাপ্ৰবঞ্চক মুনীন্দ্ৰ কোঁৱৰৰ বিৰুদ্ধে উদ্থাপিত হৈছে ন ন কাহিনী ৷
ADVERTISEMENT
আনকি প্ৰবঞ্চকটোৱে সুৰা বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামটো ভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল কে’বা কোটি টকা ।
বহুৰূপী ঠগ প্ৰবঞ্চক স্থান ভেদে নিজকে আৰক্ষীৰ এছ আই বুলিও কেতবোৰ লোকক পৰিচয় দিছিল মুনীন্দ্ৰ কোঁৱৰে ।
তেজপুৰৰ মুনীন্দ্ৰ কোঁৱৰ নামৰ ধুৰন্ধৰ টোৱে ইতিমধ্যে ৬০ লাখ টকীয়া বিলাসী অ,ডি গাড়ী লৈয়ো উধাও হৈছিল। আনকি চৰকাৰৰ নামফলক লগোৱা বাহন ব্যৱহাৰ কৰিছিল প্ৰৱঞ্চকটোৱে।
ইতিমধ্যে মহা প্ৰৱঞ্চকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলী হোৱা ভিন্নজনে দিছপুৰ আৰক্ষী, চি আইডি উপৰিও পূৱ গুৱাহাটী আৰক্ষী জিলাটো গোচৰ ৰজু কৰিছে ৷