Jorabat Murder: মহানগৰীৰ যোৰাবাটৰ ১৫ মাইলত মহিলাৰ মৃতদেহ উদ্ধাৰ

হত্যাৰ স'তে জড়িত অভিযুক্তৰ পলায়ন

jorabat murder 1

Jorabat Murder :

মহানগৰীত পুনৰ হত্যাকাণ্ড। ইটোৰ পাছত সিটোকৈ সংঘটিত হোৱা হত্যাকাণ্ডই মহাগৰবাসীক সন্তস্ত কৰি তুলিছে ৷

মহানগৰীৰ উপকন্ঠ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাটৰ ১৫ মাইলত বুধবাৰে উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ । ৰীতা বড়ো নামৰ মহিলা গৰাকীৰ মৃতদেহ নিজ বাসগৃহৰ সন্মুখতে উদ্ধাৰ কৰে স্থানীয় লোকে।

পৰিয়ালৰ লোকে মহিলাগৰাকীক হাছমত নামৰ এজন ব্যক্তিয়ে মাজনিশা হত্যা কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য যে,স্থানীয় লোকে অভিযোগ কৰা মতে মৃত মহিলা গৰাকীয়ে স্বামীৰ অনুপস্থিতিত হাছমত নামৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৷ বুধবাৰে পুৱতি নিশালৈ মহিলা গৰাকীক হাচমতৰ স’তে প্ৰত্যক্ষ কৰিছিল ৷

আনহাতে হত্যাকাণ্ডৰ স’তে জড়িত থকাৰ সন্দেহ কৰা হাছমত বৰ্তমান পলাতক অৱস্থাত আছে ৷ ইতিমধ্যে ঘটনাস্থলীত যোৰাবাট আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version