Rahul Gandhi:ৰাহুল গান্ধীলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়

ৰাহুল গান্ধীৰ কাৰাদণ্ডত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ, ন্যায়ালয়ৰ শুনানিৰ পাছতে প্ৰথম খন সংবাদমেল সম্বোধন ৰাহুলৰ, 'সত্যৰ এদিন জয় হ'বই। আজি নহ'লেও কাইলৈ অথবা পৰহিলৈ হ'লেও সত্য পোহৰলৈ আহিবই

rahul gandhi

Rahul Gandhi:

ৰাহুল গান্ধীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ সকাহ। চুৰাট ছেচন আদালতে ৰাহুল গান্ধীক কাৰাদণ্ডৰে দণ্ডিত কৰা ৰায়ক স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে

উল্লেখ্য যে, গুজৰাটৰ চেছন আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ৰাহুল গান্ধীক বিহিছিল দুবছৰৰ কাৰাদণ্ড। মোদী উপাধিৰ গোচৰত আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে গুজৰাট হাইকৰ্টত দাখিল কৰিছিল যদিও আদালতে নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখে ৷

অৱশেষত উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাত আজি আদালতে শুনানি লৈ ৰাহুল গান্ধীক দিলে সকাহ।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাই, ন্যায়াধীশ পি এছ নৰছিমহা আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ তিনিজনীয়া বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি চুৰাট চেছন ন্যায়াধীশৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছে। পৰৱৰ্তী শুনানি নোহোৱালৈকৈ এই স্থগিতাদেশ বাহাল থাকিব বুলি স্পষ্ট কৰি দিয়ে ৷

আনহাতে ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ সম্ভাৱনা আছে ৷ ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে এতিয়া কংগ্ৰেছ শিবিৰ আৰু বিৰোধী ঐক্য মঞ্চ ‘ইণ্ডিয়া’ত দেখা গৈছে আনন্দ- উছাহৰ লহৰ।

উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ শুনানিৰ পাছতেই ৰাহুল গান্ধীয়ে টুইট কৰি উল্লেখ কৰে যে, ‘পৰিস্থিতি যিয়েই নহওক কিয়, মোৰ কৰ্তব্য একেই থাকিব ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি লোকসভাৰ অধ্যক্ষ ঔম বিৰলাক সাক্ষাৎ কৰে কংগ্ৰেছৰ লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৷

ৰাহুল গান্ধীৰ সাংসদ সদস্যতা ওভতাই দিবলৈ আবেদন কৰে অধ্যক্ষ গৰাকীক ৷

আনহাতে অধ্যক্ষই আদালতৰ নিৰ্দেশনা পত্ৰৰ বাবে অপেক্ষা কৰিব বুলি আশ্বাস দিয়ে কংগ্ৰেছৰ সজাটি দলটোক ৷

উচ্চতম ন্যায়ালয়ত জয় হোৱাৰ পিছতেই ৰাহুল গান্ধী বিয়লি ভাগত উপস্থিত হয় কংগ্ৰেছ সদৰ কাৰ্যালয়ত সম্বোধন কৰে সংবাদমেল । তেওঁ কয়,’সত্যৰ এদিন জয় হ’বই। আজি নহ’লেও কাইলৈ অথবা পৰহিলৈ হ’লেও সত্য পোহৰলৈ আহিবই।’

Exit mobile version