Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। ঘৰুৱা উন্নতিৰ চেষ্টাত বাধ্য কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰতো শুভ লাভ।
বৃষ : আর্থিক উন্নতিৰ চেষ্টাত বাধা কম। ঘৰুৱা দিশত অৱশ্যে সিমান | দুশ্চিন্তা। মনৰো শান্তি থাকিব। বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজ কৰ্মীৰ উৎসাহ বৃদ্ধি হ’ব।
মিথুন : ঘৰলৈ বিশেষ ব্যক্তিক আগমনে আপোনাক উপকৃত কৰিব। হাতলৈ টকা-পইচা আহিব। কর্তব্যত আপোনাৰ যোগ্যতা থাকিব । কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ কাৰক ।
কর্কট : আজি শুভ কাম আৰম্ভ কৰিব পাৰে। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব পাৰে। প্ৰেমতো অশান্তিকৰ প্ৰভাৱ থাকিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িতসকলৰ উন্নতিৰ কাৰক। ব্যৱসায়-বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক ।
সিংহ : চোৰ ডকাইতৰ পৰা সাৱধান হ’ব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে । প্ৰতিকাৰ বেল গছৰ গুৰিত ধন চাকি জনায়। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত শুভ কাৰক । শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব পাৰে।
কন্যা : চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায় সন্ধান পাব পাৰে। মানসিক ক্ষেত্ৰত অলপ অশান্তি হ’ব। শিক্ষাৰ্থীৰ শুভ দিন। বাণিজ্যত বাধাৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক ।
তুলা : চাকৰিৰ কাৰণে স্থান পৰিৱৰ্তন কৰিব লগা হ’ব পাৰে। আনৰ কথা শুনি কোনো কাম নকৰিব। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে । আজি আপোনাৰ হাতেৰে শুভ কাম আৰম্ভ হ’ব পাৰে।
বৃশ্চিক : প্রাকৃতিক দুৰ্যোগত ক্ষতি হোৱাৰ আশংকা আছে। হাতৰ পৰা মূল্যৱান বস্তু হেৰুওৱাব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক মধ্যমীয়া হ’ব। সাহিত্যিক, খেলুৱৈ, শিল্পী, নতুন উন্নতিমূলক কৰ্মৰ প্ৰতি আকৃষ্ট হ’ব।
ধনু : দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। ঘৰলৈ মূল্যৱান সম্পত্তি আহিব। যিকোনো কামৰ সুফল লাভ কৰিব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সন্তানৰ ভাল কামে মনত আনন্ত দিব।
মকৰ : স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক। অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব। লাভ বৃদ্ধি হ’ব। প্ৰেমত আন্তৰিকতা বাঢ়িব। ব্যৱসায়ত সফলতা অৰ্জন কৰিব।
কুম্ভ : আয়-উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায় । আৰ্থিক সমস্যাৰ ববে ক্ষতি হোৱাৰ ভয়। ব্যৱসায়ীসকলে টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব।
মীন : কর্মক্ষেত্ৰত আর্থিক লেনদেনৰ সাৱধান থাকিব। বিদ্যার্থীসকলৰ বাবে শুভ দিন। চাকৰি প্ৰত্যাশীসকলৰ ভাল খবৰ আহিব পাৰে। সন্তানৰ বিষয়ে চিন্তা কৰক।