Nalbari Bol Bom :পাগলাদিয়া নৈৰ বুকুত নিশা ভক্তই সৃষ্টি কৰিছে এক ধৰ্মীয়-আধ‍্যাত্মিক পৰিবেশ

bolbom

Nalbari Bol Bom :

এতিয়া পবিত্ৰ শাওঁণ মাহ। অৰ্থাৎ আহাৰ মাহৰ গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা শাওঁণ মাহৰ পূৰ্ণিমা তথা ৰক্ষা বন্ধনৰ দিনালৈ দেবাদীদেৱক কৰা হয় পূজা,অৰ্চনা আৰু আৰাধনা।ব’ল ব ‘ম ভক্ত সকলে প্ৰতি ৰবিবাৰে নিশা ১২ বজাৰ পিছত নৈ,জলাশয় আদিলৈ গৈ সোমবাৰে শিৱলিংগত জ্বলাভিষেক কৰে।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিতত নলবাৰীতো বল ব ‘ম ভক্ত সকলে পাগলাদিয়া নৈত গৈ কেনেদৰে পূজা অৰ্চনা কৰা দৃশ্য দেখা পৰিলক্ষিত হৈছে।

নলবাৰীৰ পাগলাদিয়া নৈৰ বক্ষৰ বালিচৰত বল ব’ম ভক্তসকলে পাগলাদিয়া নৈৰ বালিৰে ভক্তসকলে তৈয়াৰ কৰিছে শিৱলিঙ্গ।লগতে ভক্তসকলে পূজা অৰ্চনা,নাম-প্ৰসংগ কৰি ভিৰ কৰা পৰিলক্ষিত হৈছে।

এনেদৰে নলবাৰী জিলাৰ সমান্তৰালভাৱে বাক্সা,কামৰূপ আদি জিলাৰ পৰাও পাগলাদিয়া নৈৰ সন্ধা-জানোপাৰৰ বালিচৰলৈ সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ

শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ পাগলাদিয়া নৈত এনেদৰে ভক্তই সৃষ্টি কৰিছে এক ধৰ্মীয় আৰু আধ্যাত্মিক পৰিবেশ।

Exit mobile version