Apwd :লোকনিৰ্মাণ (পথ) বিভাগত ঠিকাদাৰৰ বৃদ্ধি পালে পঞ্জীয়ন  মাচুল

এককালীনভাৱে জমা দিব লাগিব মাচুল, ঠিকা লাভ নকৰিলেও মাচুল ঘূৰাই দিয়া নহ’ব বুলিও নিৰ্দেশনাত উল্লেখ

contractor

Apwd :

চাকৰি নাপায় বহুজনে কৰ্মসংস্থাপনৰ বাবে পথ বাছি লয় ঠিকাঠুকুলি ৷ কিন্ত ঠিকা কৰিবলৈ আগবাঢ়ি অহা সকলৰ একপ্ৰকাৰ ৰামটাঙোন সোধাইছে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগে ৷

লোকনিৰ্মাণ(পথ) বিভাগৰ এক নতুন নিৰ্দেশ মতে, ঠিকাদাৰসকলে এতিয়া পঞ্জীয়নৰ বাবে ভৰিব লাগিব অত্যাধিক পৰিমাণৰ মাচুল৷ ঠিকা লাভ নকৰিলেও উভতাই নাপাব পঞ্জীয়ন মাচুল।

আঠ আগষ্টত লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত চন্দন শৰ্মাই স্বাক্ষৰিক এক এই নিৰ্দেশনা পত্ৰত উল্লেখ কৰা অনুসৰি এতিয়াৰ পৰা বিভাগটোত ঠিকাদাৰসকলৰ পঞ্জীয়ন আৰু নবীকৰণৰ মাচুল বৃদ্ধি কৰা হয় ৷

সেই অনুসৰি প্ৰথম শ্ৰেণীৰ (ক)ৰ বাবে পাঁচ লাখ, প্ৰথম শ্ৰেণীৰ(খ)ৰ বাবে দুই লাখ, প্ৰথম শ্ৰেণীৰ (গ)ৰ বাবে এক লাখ, দ্বিতীয় শ্ৰেণীৰ বাবে পঞ্চাশ হাজাৰ আৰু তৃতীয় শ্ৰেণীৰ ঠিকাদাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ২৫ হাজাৰ টকা পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হয় ।

আনহাতে নিৰ্দেশনাটোত আৰু উল্লেখ কৰা হয় যে,এই মাচুল এককালীনভাৱে জমা দিব লাগিব আৰু এয়া ঘূৰাই দিয়া নহ’ব ।

ইতিমধ্যে বিভাগটোৰ এই নিৰ্দেশনাই বিমোৰত পেলাইছে বহু ঠিকাদাৰক। উল্লেখ্য যে,ৰাজ্যত বিভিন্ন শ্ৰেণীত কেৱল লোকনিৰ্মাণ (পথ) বিভাগৰ বিভিন্ন শ্ৰেণীত ৰাজ্য খনত প্ৰায় দহ হাজাৰ ঠিকাদাৰ আছে। কিন্ত শেহতীয়া বৰ্ধিত মাচুলৰ জৰিয়তে চৰকাৰে ৰাজকোষ টনকিয়াল কৰাৰ পাং পাতিছে বুলি মন্তব্য কৰে সচেতন মহলে ৷

আনহাতে উদ্থাপিত অভিযোগ অনুসৰি বিভাগটোৱে বৰ্ধিত মাচুল বৃদ্ধি কৰি ধনৱান ঠিকাদাৰ সকলক দলিছা পাৰি আদৰি নিয়াৰ বিপৰীতে মধ্যবিত্ত ঠিকাদাৰ সকলক ভাতে মৰাৰ পৰিকল্পনা কৰিছে ৷

ঠিকাদাৰ সকলে বৰ্ধিত মাচুল নিৰ্দেশ বাতিল কৰিবলৈ দাবী জনাইছে ৷

Exit mobile version