Cattle Theft :বিলাসী বাহনেৰে গৰু চুৰি !

ভৱানীপুৰৰ কাটলা গাঁৱত দুটা চুৰি গৰুসহ আৰ্টিকা বাহন জব্দ

cow theft

Cattle Theft :

ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কাটলা গাঁৱত যোৱা নিশা ভি আই পি তথা বিলাসী বাহনসহ দুটাকৈ চুৰি গৰু জব্দ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে- গৰু চুৰিকাণ্ডত ব্যৱহৃত এ এছ ০৪ কে ২৯২৬ নম্বৰৰ ‘আৰ্টিকা’ নামৰ চাৰিচকীয়া বাহন এখন জব্দ কৰাৰ লগতে বাহনখনত কঢ়িয়াই অনা দুটাকৈ বলধ গৰুও আৰক্ষীয়ে জব্দ কৰিছে ।

ভৱানীপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে- যোৱা নিশা প্ৰায় ১২-৩০ বজাত ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰাজাঘাট-বৰশিমলা পথেৰে দক্ষিণ দিশে আৰ্টিকা বাহনখনে গতি কৰি থকা সময়ছোৱাত কাটলা গাঁৱত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটি পথৰ ওপৰতেই ৰৈ যায়।

কাটলা গাঁৱৰ একাংশ ৰাইজে টোপনিত পৰা উঠি গৈ যান্ত্ৰিক বিজুতি ঘটি ৰৈ যোৱা আৰ্টিকা বাহনৰ ওচৰলৈ যোৱাত বাহনখনত উঠি অহা ৩/৪জন লোকে বাহনখন এৰি পলায়ন কৰে।

আনহাতে কাটলা গাঁৱৰ ৰাইজে আৰ্টিকা বাহনৰ ভিতৰত দুটাকৈ বলধ গৰু থকাটো প্ৰত্যক্ষ কৰাত ৰাইজে ভৱানীপুৰ আৰক্ষী চকীত খৱৰ দিয়ে । ভৱানীপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰ্টিকা বাহনখন আৰু বাহনৰ ভিতৰত থকা দুটা বলধ গৰু জব্দ কৰে।

আৰক্ষীয়ে জব্দ কৰা বলধ গৰু দুটা কাটলা গাঁৱৰ ভিডিপি দল আৰু গাওঁ প্ৰধানৰ তত্বাৱধানত চমজাই দিয়াৰ লগতে জব্দ কৰা আৰ্টিকা গাড়ীখন ভৱানীপুৰ আৰক্ষী চকীলৈ নি বাহনখন জব্দ কৰি থৈছে।

গৰু চোৰৰ দলে আৰ্টিকা বিলাসী বাহনত উঠাই গৰু দুটা চুৰি কৰি নি থকাটো নিশ্চিত কৰিছে আৰক্ষীয়ে । বাতৰি লিখা পৰলৈকে জব্দ কৰা গৰু দুটাৰ গৰাকীৰ সন্ধান পোৱা নাই।বিলাসী বাহনৰ গৰাকী আৰু বিলাসী বাহনে ব্যৱহাৰ কৰা গৰু চোৰৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version