Amguri Bondh:
দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত বিলুপ্ত কৰিছিল আমগুৰি সমষ্টি ৷ ইয়াৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সমষ্টিটোত ৷ সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰা অগপ বিধায়ক প্ৰদীপ হাজৰিকাই দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰাৰ পাছতে সমষ্টিটোৰ অগপ নেতা- কৰ্মী সকলে দলৰ পৰা সমূহীয়া পদত্যাগ কৰে ৷
আনকি ক্ষোভৰ বহি:প্ৰকাশ ঘটে সৰ্বসাধাৰণ ৰাইজৰ ৷ সমষ্টি হেৰুৱাই ক্ষোভত জ্বলি আজি ১২ ঘণ্টীয়া আমগুৰি বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ক্ষোভিত ৰাইজে সদাব্যস্ত ৩১নং আৰু৬১নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে ৷
সোমবাৰে পুৱাৰে পৰা আহ্বায়িত আমগুৰি বন্ধত স্তব্ধ হৈ পৰে স্বাভাৱিক জনজীৱন ৷ একেদৰে ৰাজপথত বন্ধ থাকে বন্ধ যান-বাহনৰ চলাচল আৰু দোকান-পোহাৰ ৷ বন্ধলৈ স্বতঃস্ফুৰ্ত সঁহাৰি জনায় সমষ্টিবাসীয়ে ৷
আনহাতে আমগুৰি সমষ্টি বিলুপ্তকৰণৰ ক্ষেত্ৰত সময়োচিত পদক্ষেপ নোলোৱাৰ বাবে সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিভিন্ন দল- সংগঠনে ৷ একেদৰে সোচ্চাৰ হৈ পৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৷