CM Jorhat Visit:যোৰহাটৰ ‘অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

ন-আলিত তিনিলেনযুক্ত ৰে'লৱে উৰণীয়া সেতুখন মুকলি মুখ্যমন্ত্ৰীৰ

hbs 2

CM Jorhat Visit:

আজি দিনযোৰা কে’বাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাগ লৈ বিশ্ববিদ্যালয় খনৰ একাধিক নতুন প্রকল্পৰ শুভ উদ্বোধন কৰে।

একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি প্ৰকাশিত স্মৰণিকাখনৰ লগতে Technology Inventory of Assam Agricultural University, কৃষি বিজ্ঞান পৰিভাষা কোষ (ইংৰাজী-অসমীয়া) শীৰ্ষক দুখন পুথি উন্মোচন কৰে।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিকাশ উৎসৱৰ সৈতে সংগতি ৰাখি যোৰহাটৰ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰি জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰে।

উৰণীয়া সেতুখন শুভ-উদ্বোধন কৰি দিয়া ভাষণত উল্লেখ কৰে যে,এই উৰণীয়া সেতুখনৰ জৰিয়তে যোৰহাটৰ পৰা তিতাবৰ, গোলাঘাট আদি ঠাইলৈ যাতায়ত ব্যৱস্থা সুশৃংখলিত হ’ব। প্ৰায় ৮৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ৮০৩.১৯ মিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতুখন মূল নিৰ্মাণকাৰ্য লগতে আনুসংগিকভাৱে সেতুখনৰ দুয়োটো দিশ সংযোগী পথ, উপ-পথ, সেৱা পথ, পকী নলা আৰু পদ- পথ, বৈদ্যুতিক আৰু পানী যোগান আঁচনিৰ লাইন স্থানান্তৰিতকৰণৰ কাম পৰ্যায়ক্ৰমে সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে ৷

ল্লেখ্য যে,আটাইকেইটা অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰীদ্বয় অজন্তা নেওগ,জয়ন্তমল্ল বৰুৱা,সাংসদত্ৰয় পবিত্ৰ মাৰ্ঘেৰিটা,কামাখ্যা প্ৰসাদ তাচা,তপন গগৈ,বিধায়কত্ৰয় হিতেন্দ্ৰ নাথ গোস্বামী,তৰংগ গগৈ,ৰূপজ্যোতি কুৰ্মী আৰু উপায়ুক্ত পুলক মহন্তই ৷

Exit mobile version