Lat Mandal Arrested In Tihu :পুনৰ ঘোচ লৈ হাত দাঙিলে লাটমণ্ডলে

টিহুত চি এম ভিজিলেঞ্চৰ জালত লাটমণ্ডল দেৱাশিস বৰ্মন

latmandal arrested 1

Lat Mandal Arrested In Tihu :

অসমত এতিয়া চলিছে একাংশ চৰকাৰী বিষয়া- কৰ্মচাৰীৰ ঘোচ লোৱা প্ৰতিযোগিতা ৷ ইজনৰ পাচত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ পাছতো যেন খক কমা নাই একাংশ চৰকাৰী চাকৰিয়ালৰ ৷

পুনৰ ঘোচ লৈ হাত দাঙিলে লাটমণ্ডলে ৷ টিহু ৰাজহ চক্ৰ কাৰ্যালয়ত উৎকোচ লওতেই হাটে-লোটে গ্ৰেপ্তাৰ হয় দেৱাশিস বৰ্মন নামৰ লাটমণ্ডলজন ৷

মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ঘোচখোৰ লাটমণ্ডলজনক ৷ লগতে আটক হয় টিহু ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাষতে থকা কম্পিউটাৰ প্ৰতিষ্ঠান এখনৰ গৰাকী নয়ন বৰ্মণ নামৰ দালালজনক

Exit mobile version