Anti- Corruption Raid In Haflong :হাফলঙত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ

বাসগৃহত টকাৰ উজান,ছোফা বিছনা সকলোতে ওলাইছে জাপে জাপে টকা, উদ্ধাৰ নগদ ৪৫ লাখতকৈও অধিক টকা

haflong

Anti- Corruption Raid  In Haflong :

টকাৰ উজান উঠিছে অসম চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াৰ বাসগৃহত ৷ ডিমা হাচাও জিলাৰ সদৰ হাফলং লোকনিৰ্মাণ বিভাগৰ পথ আৰু ৰোডচ শাখাৰ অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ য’তে ত’তে ওলাইছে টকা। ছোফা, বিছনা সকলোতে জাপে জাপে ওলাইছে নোট ।

উল্লেখ্য যে, বৃহস্পতিবাৰে হাফলঙস্থ লোকনিৰ্মাণ বিভাগৰ পথ আৰু ৰোডচৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক দুৰ্নীতি নিবাৰক শাখাই ঠিকাদাৰৰ পৰা উৎকোচ লৈ থকা অৱস্থাত হাতেলোটে আটক কৰিছিল ৷

ইয়াৰ পাছতে কাৰ্যবাহী অভিযন্তা গৰাকীৰ চৰকাৰী বাসগৃহত দুৰ্নীতি নিবাৰকৰ দলে এক অভিযান চলাই তেওঁৰ বাসগৃহৰ ছোফা, বিছনাত টকাৰ দ’ম উদ্ধাৰ কৰে ৷ ৪৫ লাখ ৫৪

 

আনহাতে ৰ্নীতি নিবাৰক শাখাই জব্দ কৰে কেইবাখনো এটিএম কাৰ্ড আৰু বহু নথি পত্ৰ ।

Exit mobile version