Indrani suicide Case:বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত পুনৰ দুই বিজেপি নেতা চানমাৰী থানাত

miganga gogoi

Indrani suicide Case:

বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত পুনৰ দুই বিজেপি নেতা চানমাৰী থানাত।

বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত ইজনৰ পাছত সিজনকৈ আৰক্ষী জালত পৰাৰ পাছত আজি আৰক্ষীৰ চমন দুজন জ্যেষ্ঠ নেতা উপস্থিত হয় মহানগৰীৰ চানমাৰি থানাত।

থানাত দুপৰীয়া ভাগত উপস্থিত হোৱা নেতাদ্বয় হ’ল বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মৃগাংক বৰ্মন আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ উপাধ্যক্ষ প্রণৱজ্যোতি লহকৰ ৷

উল্লেখ্য যে,ইতিমধ্যে ইন্দ্রাণী তহবিলদাৰৰ আত্মহনণ আৰু ফটো ভাইৰেল সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰা ৰেখান্ত দাস আৰু অসীম চক্রৱৰ্তীৰ উপৰি সোমবাৰৰ নিশা কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মাক আটক কৰাৰ পাছত আৰক্ষীৰ উপযুপৰি জেৰাত আটকাধীন কপিল আৰু সঞ্জীৱে মৃগাংক বৰ্মনৰ নাম লৈছিল ৷

আন দুজন বিজেপি নেতাক তলব আৰক্ষীৰ। চানমাৰি আৰক্ষীয়ে তলব কৰিছে বিজেপি নেতা মৃগাংক বৰ্মন আৰু প্রণৱজ্যোতি লহকৰক। উল্লেখযোগ্য যে, ইতিমধ্যেই আৰক্ষীৰ জিম্মাত থকা ৰেখান্ত দাস আৰু অসীম চক্রৱৰ্তীৰ উপৰি সোমবাৰৰ নিশা কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মাই জেৰাত মৃগাংক বৰ্মনৰ নাম লৈছিল।

নিশাই আৰক্ষীয়ে মৃগাংক বৰ্মনক থানাত হাজিৰ হ’ বলৈ চমন পঠিয়াইছিল যদিও মঙলবাৰে পুৱা থানাত উপস্থিত হয় মৃগাংক ৷ বহু সময় ধৰি সোধপোছ কৰাৰ অন্তত যাবলৈ দিয়া হয় যদিও বুধবাৰে পুনৰ থানালৈ তলৱ কৰে ৷

আনহাতে ইতিমধ্যে আৰক্ষীৰ জালত পৰা মঙলবাৰে পুনৰ চানমাৰি থানালৈ অনা হৈছে মূল অভিযুক্ত অনুৰাগ চলিহাক ৷

উল্লেখ্য যে,ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন পাছতে দিছপুৰত বিজেপি দল শাসনত থকাৰ সুবাদতে বিজেপিৰ একাংশ নেতা- পালিনেতাই গঢ়ি তুলিছিল চাকৰিৰ ক’লা বজাৰ ৷ আৰক্ষীৰ ক্ষীপ্ৰ তদন্তত কেতবোৰ ন ন তথ্য পোহৰলৈ আহিছে ৷

Exit mobile version