Eminent writer Economist Ananta Kalita Passes Away:বিশিষ্ট অৰ্থনীতিবিদ , ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বৰ্ডৰ প্ৰাক্তন সঞ্চালক -লেখক অনন্ত কলিতাৰ দেহাৱসান

ananta kalita passes away

Eminent writer Economist Ananta Kalita Passes Away:

বিশিষ্ট অৰ্থনীতিবিদ , ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বৰ্ডৰ প্ৰাক্তন সঞ্চালক, ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰী সন্থা , উত্তৰ পূব চাৰ্কোলৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত কলিতাৰ দেহাৱসান ৷ বিশিষ্ট লেখক গৰাকীয়ে দেওবাৰে পুৱা ৭ বজাত মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷

কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ পৰামৰ্শত আছিল প্ৰখ্যাত বাওঁপন্থী গৰাকী ৷

পেছাগতভাৱে এছ বি আইৰ জ্যেষ্ঠ বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰি ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা কলিতাই অসমৰ অধিকাংশ সংবাদ পত্ৰৰ নিয়মীয়া লেখক আছিল ৷ এগৰাকী অৰ্থনীতিবিদ হিচাপে ৰাজ্যৰ প্ৰায়বোৰ কাকত – আলোচনীত অৰ্থনীতি সন্দৰ্ভত তথ্যসমৃদ্ধ নিবন্ধ লিখি পাঠক সমাজৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

তেওঁ ৰছনা কৰা গ্ৰন্থ সমূহ হ’ল বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা, নব্য-উদাৰ অৰ্থনীতি-বিকল্প অন্বেষণ, অসম আৰু অসমৰ জাতীয় সমস্যা। অসমীয়া সাহিত্য ক্ষেত্ৰলৈ অতুলনীয় বৰঙণি আগবঢ়োৱা বিশিষ্ট লেখকে গৰাকীয়ে মৃত্যুৰ পূৰ্বে দেহদান কৰি গৈছে ইলোৰা বিজ্ঞন মঞ্চক।

মহানগৰীৰ মঠঘৰীয়াস্থিত ষ্টেট বেংক কলনীৰ বাসিন্দা অনন্ত কলিতাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ অসমত ৷ ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বৰ্ডৰ প্ৰাক্তন সঞ্চালক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰী সন্থা , উত্তৰ পূব চাৰ্কোলে ৷

Exit mobile version