Today Horoscope:দিনটোৰ ৰাশিফল

Screenshot 2023 06 15 12 28 02 58 40deb401b9ffe8e1df2f1cc5ba480b12

Today Horoscope:দিনটোৰ ৰাশিফল

মেষ : যোগাযোগত ভালেই দেখা যায়। বিদ্যাত সাধাৰণ আহুকাল আহিব। ঘৰুৱা কথাত পূৰ্বৰ তুলনাত উন্নত ফল। বন্ধুৰ পৰা খুব উপকৃত নহ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮।

ADVERTISEMENT

বৃষ : বেপাৰ বাণিজ্যত থকা সকলে কিছু সুযোগ পাব। প্রিয় সংগ, আর্থিক উন্নতি আদিৰ শুভ সংযোগ দেখা যায়। মনত সমালোচনা ভালে দেখা দিব। শুভ ৰং সোণালী। শুভ সংখ্যা ২।

মিথুন : কিবাকিবি সংযোগত মজলীয়া ফল। অৱশ্যে পূৰ্বৰ তুলনাত মানসিক দিশত উন্নত। কর্মস্থানত কিছু জটিলতা কমিব। বিদ্যার্থীয়ে যত্ন লোৱাটো ভাল হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

কর্কট : কার্যক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব। ভবা মতে দুই এটা কামত আগুৱাব। বন্ধু-বান্ধৱৰ লগত সম্বন্ধ অটুট থাকিব। বিদ্যাত প্ৰায় অনুকূল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

সিংহ : আর্থিকত বিশেষ আহুকাল নাথাব। প্ৰাপ্য ধন পোৱাৰ সংকেত আছে। বিদ্যানুৰাগীৰ উন্নতি। পৰিৱৰ্তন শীল কর্মযোগ দেখা যায়। শুভ ৰং বগা ৷ শুভ সংখ্যা ৬।

কন্যা : সাধাৰণ পৰিৱৰ্তন। শৰীৰো কিছু উন্নতি। বিদ্যাত মজলীয়া ফল। কর্মস্থানত ভালেই দেখা যায়। আকস্মিক আমন্ত্ৰণ ৰক্ষাৰ দৰকাৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

তুলা : কর্মস্থানত শুভাশুভ প্রভাৱ দেখা যায়। নতুন কামত মন দিব পাৰিব। সামগ্রিক ক্ষেত্ৰত বৃদ্ধিৰ প্ৰসাৰ লাভ। পূৰ্বতকৈ সামান্য অনুকূল। শুভ ৰং কমলা। শুভ সংখ্যা ৪।

বৃশ্চিক : শৰীৰ বৰ ভাল লাগি নাথাকিব। আৰ্থিকত কঠিনতাৰ মাজে চলিব লাগিব। কর্মত বাধা দেখিব। প্রিয় লোকৰ স’তে আলাপ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

ধনু : কর্মক্ষেত্ৰত বিশেষ কাৰণত কোনোৱে উপৰুৱা ব্যস্ততাত ভুগিব। আনহাতে, দিনটো পৰিষ্কাৰ থাকিব। শৰীৰ ভালেৰে যাব। বিদ্যাত বেয়া দেখা নাযায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

মকৰ : মধ্যম দিন। হিচাপ নোহোৱা ব্যস্ততাৰে সময় ব্যয় হ’ব। কৰ্মত বাধা কম যদিও নিশ্চিত্ত নহয়। কর্তব্যত মনোযোগ ৰাখক। শুভ ৰং গেৰুৱা । শুভ সংখ্যা ২।

কুম্ভ : আপুনি কিছু আশা দেখিব। শৰীৰেও আপোনাক কিছু সহায় কৰিব। ঘৰুৱাত মধ্যম প্ৰভাৱ। আর্থিকত বাধা দেখা নাযায়। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

মীন : প্ৰথমতে দিনটো খুব ভালেৰে যোৱাটো কঠিন হ’ব। এটা নহয় এটা আহুকাল থাকিব। অৱশ্যে গতানুগতিক কামত সিমান দুশ্চিন্তা নাথাকিব। ভ্ৰমণত মধ্যম ফল। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৪।

Exit mobile version