Paddler Held With Fake Currencies In Lokhra:মহানগৰীত প্ৰৱেশ লখিমপুৰৰ জালনোটৰ চক্ৰ

১০ লাখ টকাৰ জালনোট জব্দ

fakecurrencies 1

Paddler Held With Fake Currencies In Lokhra:

গুৱাহাটী মহানগৰীত শেহতীয়াকৈ দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷ তাৰ সমান্তৰালভাৱে লখিমপুৰৰ পৰা প্ৰৱেশ ঘটিছে জাল নোটৰ বৃহৎ চক্ৰ ৷

এই চক্ৰটোৱে সংগোপনে চলাই গৈছে জাল নোটৰ সৰবৰাহ ৷ মহানগৰীৰ গড়চুক আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লখৰাত অৰ্তকিতে অভিযান চলাই ছাজাদুল ইছলাম আৰু ছৰিফুল ইছলাম নামৰ দুই জালনোট ব্যৱসায়ীক ২০টা বান্দিল থকা ১০ লাখ টকাৰ জালনোট জব্দ কৰে ৷

ধৃত জালনোট সৰবৰাহকাৰী দুটাই লখিমপুৰৰ বিহপুৰীয়াৰ গোহাঁইকলনীৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি আছিল ৷

গড়চুক আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা ম’বাইল আৰু ১০ খন ছীম কাৰ্ডো জব্দ কৰি অব্যাহত ৰাখিছে মাৰাথন জেৰা

Exit mobile version