Pandu Student Protest:মহানগৰীৰ পাণ্ডুৰ পশ্চিম গুৱাহাটী কমাৰ্চ কলেজত উত্তপ্ত পৰিস্থিতি

কিছু পলম হ’লেই মহাবিদ্যালয়ত প্ৰৱেশ কৰিব নিদিয়াৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ

west commerce college

Pandu Student Protest:

গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ পশ্চিম গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত মঙলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

মহাবিদ্যালয়ত পলম কৈ আহিলেই কলেজৰ মুল প্ৰৱেশদ্বাৰ বন্ধ কৰি শিক্ষাৰ্থীক প্ৰৱেশক বাধাৰোপ কৰাক লৈ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ কৰে ৷

আনকি একাংশ ছাত্ৰীয়ে অভিযোগ কৰা মতে, ছাত্ৰী জিৰণি কোঠাত কলেজ কৰ্তৃপক্ষই একপক্ষীয়ভাৱে চিচিটিভি কেমেৰা লগাই শিক্ষাৰ্থী মৌলিক স্বাধীনতাক হস্তক্ষেপ কৰিছে ৷ এইয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ক্ষোভ প্ৰকাশ ক্ষুব্ধ ছাত্ৰীৰ ৷

উল্লেখ্য যে,বহু সময় ধৰি শিক্ষাৰ্থী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত অৱশ্যে কলেজ কৰ্তৃপক্ষই বিষয় সমূহৰ ক্ষেত্ৰত ইতিবাচক সহাৰী দিয়াৰ ইংগিত দিয়াতহে ক্ষান্ত হয় ক্ষুব্ধ শিক্ষাৰ্থী সকল ৷

Exit mobile version