Today Horoscope:দিনটোৰ ৰাশিফল

Screenshot 2023 06 15 12 28 02 58 40deb401b9ffe8e1df2f1cc5ba480b12

Today Horoscope:দিনটোৰ ৰাশিফল

মেষ : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব। কৰ্মস্থানত আনন্দ। প্ৰেমত আনন্দ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

ADVERTISEMENT

বৃষ : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যোগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। আর্থিকত ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৩।

মিথুন : মধ্যম দিন হলেও কর্মস্থানত ভালেই দেখিব। আর্থিকতো বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাঙলিক কৃতকাৰ্য হোৱাৰ সম্ভৱনা। বিদ্যাত শুভ ফল শৰীৰ মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

কর্কট : সহযোগীৰ সহায়ত উৎসাহ পাব। প্ৰতাৰৰ বাবে দুশ্চিন্তা থাকিব। কৰ্মস্থানত আয় বৃদ্ধিৰ কাৰক। নতুন কোন উদ্দেশ্যত সফল হ’ব। প্ৰেমত নিৰাশা ৷ শুভ ৰং সেৱজীয়া । শুভ সংখ্যা ৬।

সিংহ : আচৰিত কথাৰ সম্ভেদ পাব। আর্থিকতো কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। বিদ্যাত বেয়া বোলা নাযায়। ভ্ৰমণত অলপ সাৱধান থাকক। ঘৰুৱা শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

কন্যা : মজলীয়া ভাবে দিনটো পাৰ হ’ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। প্রেম-প্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম। দাম্পত্য জীৱন পূৰ্বনুৰূপ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

তুলা : শৰীৰ পূৰ্বৰ তুলনাত আশাপদ। আপুনি ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। উচ্চ বিদ্যাত সাফল্য লাভ। আর্থিকত আয় বৃদ্ধি পাব। কোন প্রিয় লোকৰ যোগাযোগত আনন্দ। শুভ ৰং বগা। শুভ সংখ্যা ৪৷

বৃশ্চিক : ব্যৱসা-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনোনিবেশ কৰিব। ভ্ৰমণত সাৱধান। শুভ ৰং আকাশী। শুভ সংখ্যা ৮।

ধনু : দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনীৰ কাৰণে মনটো গধুৰ হৈ থাকিব। শৰীৰৰ প্ৰতি আওকান নকৰিব। কৰ্মত খ্যাতি বৃদ্ধিৰ যোগ। পিতৃৰ পৰা সহানুভূতি লাভ কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

মকৰ : কৰ্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্ৰদ উন্নতিৰ যোগ শুভ ৰং মাটিয়া। শুভ সংখ্যা ১।

কুম্ভ : নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। কর্মত দক্ষতা থাকিব। ব্যৱসা বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়। পঢ়া-শুনাত শুভ। পিতৃ-মাতৃৰ চিন্তা শুভ ৰং ক’লা। শুভ সংখ্যা ২।

মীন : যত্নৰ দ্বাৰা বিদ্যাত সাফল্য আভা। আর্থিকত ব্যয় বৃদ্ধি পাব। কোন দূৰ বার্তাত আনন্দ লাভ। বেংক কৰ্মচাৰীৰ শুভ। কোন কাৰণত মন চঞ্চল থাকিব। প্রেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।

Exit mobile version