Silsako Eviction Drive Up Date:
জন্মাষ্টমী দৰে পবিত্ৰ দিনটোতো প্ৰশাসনৰ বুলডজাৰ চলিল শিলসাঁকোত ৷ পুৱাৰে পৰা অব্যাহত থকা উচ্ছেদ অভিযানৰ মাজতে প্ৰশাসনে কৰিলে এটা ভুল ৷
শিলসাকো দলবাৰীৰ সনাতন নামঘৰ পথত উচ্ছেদৰ সময়ত প্ৰশাসনে নিৰ্ধাৰিত সীমা পাৰ হৈ ১০০ ফুট ভিতৰলৈ গৈ চাৰিটাকৈ বাসগৃহ ভাঙি পেলাই ৷ আনকি ঘৰ কেইটা উচ্ছেদৰ সময়ত কৰা নাছিল বিদ্যুৎ সংযোগ কৰ্তন ৷
অৱশ্যে কিছু সময়ৰ পাছতে প্ৰশাসনে উচ্ছেদৰ সময়ত ভুলক্ৰমে ১০০ ফুট ভিতৰলৈ যোৱাটো স্বীকাৰ কৰে ৷ উল্লেখ্য যে, বিদ্যুৎ কৰ্তন নকৰাকৈ প্ৰশাসনে উচ্ছেদ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।