Women Protest Against So-Called BJP Leaders:এইবাৰ বিজেপিৰ তথাকথিত নেতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল একাংশ মহিলা

অভিযোগ দাখিল কৰিলে ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষীক, শ্ৰমিক কাৰ্ড দিয়াৰ নামত একাংশ দৰিদ্ৰ মহিলাৰ পৰা আত্মসাৎ লক্ষ লক্ষ টকা

atul bora 1

Women Protest Against So-Called BJP Leaders:

এই যুৱকজনৰ নাম নৃপেন ৰাজব‍ংশী। ডিমৰীয়াৰ মালয়বাৰীৰ বাসিন্দা এই যুৱকজনে নিজকে বিজেপিৰ আইটি চেলৰ সদস্য বুলি চিনাকি দি খাটিখোৱা সাধাৰণ লোকৰ পৰা শ্ৰমিক কাৰ্ডৰ নামত আত্মসাৎ কৰিলে লক্ষ লক্ষ টকা।

দিশপুৰীয়া বিধায়ক অতুল বৰাৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতে গাঁও ডিমৰীয়াৰ প্ৰায় দুশগৰাকী লোকৰ পৰা শ্ৰমিক কাৰ্ড বনাই দিয়াৰ নামত ৬০০ টকাকৈ সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে এই সকল লোকে।

নিজকে বিজেপিৰ আইটি চেলৰ সদস্য বুলি দম্ভ মৰা এইগৰাকী যুৱকে মাহৰ পিচত মাহ উকলি যোৱাৰ পাচতো শ্ৰমিক কাৰ্ডৰ ব্যৱস্থা কৰিব নোৱাৰাত ওলাই পৰিল প্ৰকৃত স্বৰূপ। উপায়ন্তৰ হৈ এইসকল খাটি খোৱা মহিলাই ন্যায় বিচাৰি অভিযোগ দাখিল কৰিলে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াক।

আনহাতে এই লুণ্ঠনৰ বাবে নৃপেন ৰাজবংশীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে ক্ষেত্ৰী আৰক্ষী থানাত এজাহাৰো দাখিল কৰিলে ভুক্তভোগী মহিলাসকলে।

এই গৰাকী বিজেপিৰ তথাকথিত যুৱনেতাৰ এনে দুষ্কাৰ্য এতিয়া চৰ্চিত সমগ্ৰ ডিমৰীয়াত। বিজেপিৰ ওপৰমহলে এইক্ষেত্ৰত নৃপেন ৰাজবংশীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষনীয় ।

Exit mobile version