Assam Rifles And Nscn kyc units Clash, Miscreants killed:অসম ৰাইফলছ আৰু এন এছ চি এনৰ কে ৱাই এ গোটৰ তুমুল সংঘৰ্ষ,দুধৰ্ষ কেডাৰ নিহত

nscn

Assam Rifles And Nscn kyc units Clash, Miscreants killed:

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ স্থায়ী শান্তিৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে ইতিমধ্যে এন এছ চি এনক ইছাক মুইভা সহ কে’বাটাও গোটৰ লগত যুদ্ধবিৰতি চুক্তি আৰু শান্তি চুক্তি বাবে তৎপৰ হৈ উঠাৰ মাজতে প্ৰতিবেশী অৰুণাচলত এন এছ চি এনৰ কে ৱাই এ গোটৰে অসম ৰাইফলছৰ ১১ নং বেটেলিয়নৰ এটা টহলদাৰী গোটৰ সৈতে সংঘটিত হয় তুমুল সংঘৰ্ষ

এই সংঘৰ্ষত অসম ৰাইফলছৰ গুলীত থিতাতে নিহত হয় এন এছ চি এনৰ কে ৱাই এ গোটৰ এজন দুৰ্ধষ কেডাৰ ৷ নিহত কেডাৰগৰাকীৰ নাম কেপ্টেইন জেমছ। তেওঁৰ পৰা উদ্ধাৰ কৰা হয় এটা পিষ্টল, নগদ ধন আৰু কেতবোৰ আপত্তিজনক নথিপত্ৰ  ৷

ইতিমধ্যে নিহত এন এছ চি এনৰ কে ৱাই এ গোটৰ কেডাৰগৰাকীৰ মৃতদেহ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি অৰুণাচল আৰক্ষীৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আনহাতে অসম ৰাইফলছৰ ১১ নং বেটেলিয়নে এন এছ চি এনৰ কে ৱাই এ গোটৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

Exit mobile version