Howly :হাউলীৰ মধ‍্যবজাৰৰ কালি মন্দিৰ,দুৰ্গা মন্দিৰ আৰু শিৱ মন্দিৰত চুৰি

hawly temple

Howly :

হাউলীৰ মধ‍্যবজাৰৰ কালি মন্দিৰ,দুৰ্গা মন্দিৰ আৰু শিৱ মন্দিৰত কালি নিশা এক চুৰি কাণ্ড সংঘটিত হয়।স্থানীয় ৰাইজে জনোৱা মতে নিশা কোনো অজ্ঞাত লোকে মন্দিৰৰ দুৱাৰত লগোৱা তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি নিশ্চিত স্থানত মজুত ৰখা মন্দিৰৰ ভক্তই দান দিয়া দান পাত্ৰৰ লগতে কাঁহ-পিতলৰ পূজাৰ বহু নিত্য প্ৰয়োজনীয় সামগ্ৰী চুৰ কৰি লৈ যায় ।

ঘটনাস্থলীত হাউলী আৰক্ষী থানাৰ দল এটাই উপস্থিত হয় যদিও বাতৰি লিখা পৰলৈকে কোনো লোকক আটক কৰিব পৰা নাই ‌।

উল্লেখ‍্য যে হাউলীত সঘনাই সংঘটিত হোৱা চুৰি কাৰ্যই সাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা সময়তে হাউলীৰ এই বহু পূৰণি মন্দিৰটোৰ চুৰি কাৰ্যই মধ্যবজাৰ অঞ্চলবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উক্ত চুৰি কাৰ্যৰ চৰজমিন তদন্ত কৰি এক গোচৰ ৰুজু কৰি চোৰক কৰায়ত্ত কৰি শাস্তি দিবলৈ হাউলী মধ্যবজাৰ উন্নয়ন সমিতিৰ সভাপতি সুনীল কুমাৰ সাহা আৰু শিৱ মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা প্ৰশান্ত সাহাই আৰক্ষীৰ ওচৰত দাবী কৰে ।

Exit mobile version