হোটেলৰ কৰ্মচাৰী,মহিলা ধৃত ২,কিশোৰী উদ্ধাৰ

arrested 1

Abolition Of Body Trader’s Base:

ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত গলিয়া টোল প্লাজাৰ নিকটৱৰ্তী স্থানত অৱস্থিত এখন হোটেলত আৰক্ষীয়ে আজি এক অভিযান চলাই হোটেলখনত চলি থকা নাৰীৰ দেহ ব্যৱসায় ধৰা পেলোৱাৰ লগতে এই নাৰীৰ দেহ ব্যৱসায়ৰ সৈতে জড়িত এজনী মহিলা,এজন পুৰুষক কৰায়ত্ত কৰাৰ লগতে এজনী কিশোৰীক উদ্ধাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে- আজি দিনৰ প্ৰায় চাৰি বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত গলিয়া টোল প্লাজাৰ নিকটৱৰ্তী স্থানত অৱস্থিত ‘আশীৰ্বাদ হোটেল এণ্ড ৰেষ্টুৰেণ্ট’ নামৰ ধাবাখনত ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিষ্ণু প্ৰসাদ ভূঞাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ধাবাখনৰ ভিতৰৰ কোঠাত অবৈধ যৌনতাৰ বেহা চলি থকা অৱস্থাতেই এজনী কিশোৰী উদ্ধাৰ কৰাৰ লগতে আন এজনী নাৰী দেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত মহিলাক কৰায়ত্ত কৰে।

আনহাতে কিশোৰীজনীৰ স’তে অনৈতিক কাৰ্যত জড়িত থকা দুজন যুৱকে পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে ‘আশীৰ্বাদ হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ মেনেজাৰ চফিউৰ ৰহমানকো কৰায়ত্ত কৰে।

ধাবাখনৰ পৰা ব্যাপক পৰিমাণৰ দেহ ব্যৱসায়ৰ আপত্তিজনক সামগ্ৰী তথা জন্ম নিয়ন্ত্ৰনৰ সামগ্ৰী উদ্ধাৰ কৰে। ইয়াৰ পিছতে বজালীৰ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীসহ আৰক্ষী আৰু দণ্ডাধীশৰ এটা দলে নাৰীৰ দেহ ব্যৱসায়ৰ ঘাটি ধাবাখনত উপস্থিত হৈ তালাচী চলায়।

‘আশীৰ্বাদ হোটেল এণ্ড ৰেষ্টুৰেণ্ট’ নামৰ ধাবাখনত দীৰ্ঘদিন ধৰি নাৰী দেহৰ ব্যৱসায় চলি থকা বুলি বজালীৰ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version