FIR filed Against CHIEF Minister:নাজিৰা থানাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল

কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক দেৱব্ৰত শইকীয়াই তৰে গোচৰ

debabrata saikia

FIR filed Against CHIEF Minister:

মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নাজিৰা থানাত এজাহাৰ দাখিল কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ ৷

উল্লেখ্য যে,মধ্য প্ৰদেশৰ এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে বিদ্বেষমূলক মন্তব্য কৰাৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ বাসগৃহ জ্বলাই দিয়াৰ দৰে উচতনিমূলক বক্তব্য ৰখাৰ বাবে গোচৰ তৰা হৈছে বুলি মন্তব্য কৰে শইকীয়াই ৷

ইয়াৰ পূৰ্বে উত্তৰাখণ্ডৰ ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধী বংশৰ ওপৰত কেতবোৰ অপমানজনক তিৰ্যক মন্তব্য কৰিছিল ৷

যাৰ পৰিপ্ৰেক্ষিতত উত্তৰাখণ্ড কংগ্ৰেছৰ মুখপাত্ৰ গণেশ উপাধ্যায়ে শৰ্মাৰ বিৰুদ্ধে উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতত গোচৰ তৰিছিল ৷

এই গোচৰ সন্দৰ্ভত ইতিমধ্যে উধম সিং নগৰ অতিৰিক্ত জিলা আৰু সত্ৰ আদালতে মুখ্যমন্ত্ৰী শৰ্মাক চমন জাৰি কৰি ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

Exit mobile version