Golaghat Incident:গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা

ডাম্পাৰত অহা দুৰ্বৃত্তই কাটিলে এজন যুৱকৰ সোঁহাত, বিধায়কৰ টুইটৰ পিছত মুখ্যমন্ত্ৰীৰ দুৰ্বৃত্তৰ আটকৰ নিৰ্দেশ, যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন অম্লানচু বৰা

golaghat

Golaghat Incident:

ৰাজপথৰে বাইকেৰে গৈ থকা যুৱকৰ সোঁহাত কাটি দুচেও কৰিলে দুৰ্বৃত্তই ৷ এই নৃশংস কাণ্ড সংঘটিত হৈছে গোলাঘাটৰ খুমটাইৰ ঢেকিয়াল মলীয়াগাঁৱত ৷

নিশা ডাম্পাৰত অহা দুৰ্বৃত্তই ৩০ বছৰীয়া এজন যুৱকৰ সোঁ–হাতখন চোকা অস্ত্ৰৰে কাটি দুচেও কৰি পথাৰৰ মাজত পেলাই থৈ গৈছিল।

দুই ছেপ্তেম্বৰত সংঘটিত হোৱা লোমহৰ্ষক ঘটনাৰ ৪ দিন পিছতহে আৰক্ষী উপস্থিত দৈ ঘটনাস্থলীৰ পৰা ৩০ মিটাৰ আঁতৰত উদ্ধাৰ কৰে কটা হাতখন। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অম্লান বৰা নামৰ যুৱকজন।

দুই ছেপ্তেম্বৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে নামমাত্ৰ তদন্ত কৰি কোনো সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ কৰে স্বয়ং দুৰ্ভগীয়া যুৱকজন আৰু আত্মীয়ই ৷

উল্লেখ্য লোমহৰ্ষক কাণ্ডৰ পিছতে যুৱকজনৰ পিতৃয়ে চুমনি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰক্ষীয়ে বিষয়টোৰ প্ৰতি কোনো কানষাৰ নিদি বৰং কৃত্ৰিম হাত লগোৱাৰ পৰামৰ্শ দি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা বুলি গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ৷

শেহতীয়াকৈ সমস্ত বিষয়টো দুৰ্ভগীয়া যুৱকজনৰ পিতৃয়ে উচিত ন্যায় পোৱাৰ আশাত কাষ চাপে খুমতাইৰ বিধায়ক মৃণাল শইকীয়াৰ

আনহাতে বিধায়ক শইকীয়াই অতি তৎপৰতাৰে টুইট কৰে মুখ্যমন্ত্ৰীলৈ ৷ মুখ্যমন্ত্ৰীয়ে বিধায়ক শইকীয়াৰ পৰা টুইটৰ জৰিয়তে অৱগত হৈ তাৎক্ষণিকভাৱে টুইট কৰি ডিজিপি বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এজাহাৰ পোৱাৰ পাছতো ঘটনাটো গাপ দি ৰখা চুমনি আৰক্ষী চকীৰ সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পোৱাৰ পাছত তৎপৰ হৈ পৰিছে ডিজিপি জি পি সিং ৷ ডিজিপিয়ে নৃশংস ঘটনাৰ তদন্ত কৰাৰ তাৎক্ষণিক নিৰ্দেশ দিয়ে গোলাঘাটৰ এছ পিক।

ইপিনে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ পৰামৰ্শ অনুসৰি দুৰ্ভগীয়া যুৱকজনৰ পিতৃয়ে পুনৰ এজাহাৰ দাখিল কৰিছে ডেৰগাঁও সদৰ থানাত ৷

Exit mobile version