Latmandal Arrested In narayanpur:উৎকোচ হাত দাঙিলে পুনৰ এজন লাট মণ্ডলে

latmandal arrested 1

Latmandal Arrested In Narayanpur:

ৰাজ্যত এতিয়া ঘোচ খোৰৰ প্ৰতিযোগিতা ৷ ইজনৰ পাছত সিজনকৈ ঘোচখোৰ দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পিছতো সলনি হোৱা নাই চৰকাৰী ঘোচখোৰৰ ৷

উৎকোচ লৈ পুনৰ হাত দাঙিলে এজন লাট মণ্ডলে ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডলে দুলাল চন্দ্ৰ বণিয়াই এজন লোকৰ পৰা উৎকোচৰ ধন লওঁতেই পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে আটক কৰে ৷

ইতিমধ্যে আটকাধীন ঘোচখোৰ মণ্ডলজনক অধিক জেৰাৰ বাবে দুৰ্নীতি নিবাৰকৰ গুৱাহাটীস্থ কাৰ্যালয়লৈ অনাৰ দিহা কৰিছে ৷

Exit mobile version