Asi Arrested In Hailakandi:পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত আৰক্ষী

asi arrested

Asi Arrested In Hailakandi:

উৎকোচ লৈ এইবাৰ আটক হ’ল আৰক্ষী ৷ হাইলাকান্দি জিলাৰ আব্দুল্লাপুৰ তহলদাৰী আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক হিতুশ নাথক উৎকোচ লওতেই দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে আটক কৰে।

ADVERTISEMENT

উল্লেখ্য যে, দুটা পক্ষই দিয়া পৃথক পৃথক গোচৰৰ বিবাদ নিষ্পত্তি বাবদ উৎকোচ বিচাৰিছিল দহ হেজাৰ টকা। উল্লিখিত টকা লওঁতেই ঘোচখোৰ আৰক্ষীজন জালত পৰে দুৰ্নীতি নিবাৰকৰ

ইতিমধ্যে অধিক জেৰাৰ বাবে আটকাধীন আৰক্ষী সহ:উপ-পৰিদৰ্শকজনক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷

Exit mobile version