Nagaon Police Conduct Drive Against Child Marriage: বাল্য বিবাহৰ বিৰুদ্ধে তৎপৰ নগাঁও আৰক্ষী

কুৰিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

child marrige

Nagaon Police Conduct Drive Against Child Marriage:

বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ পাছতে ৰাজ্যজুৰি তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷

একেদৰে নগাঁৱটো বাল্য বিবাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে মাৰাথন অভিযান ৷ জিলাখনৰ বিভিন্ন অঞ্চলত যোৱা নিশা আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে ২০জনকৈ বাল্য বিবাহ কৰা অভিযুক্তক

উল্লেখ্য যে, আৰক্ষী হাতত ধৃত পাঁচজন স্বামীৰ বিপৰীতে আন সকল আৰু আত্মীয় ৷উল্লেখযোগ্য নগাঁও আৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত সোমবাৰে উৰেটো নিশা ৰূপহী, কচুৱা,ধিং,বটদ্ৰৱা আৰু আমবাগান আদি স্থানত অৰ্তকিতে অভিযান চলাইছিল ৷

আটকাধীন স্বামী আৰু আত্মীয় সকল হ’ল আজাহাৰুল ইছলাম, বাদল দাস, ইক্ৰামূল হুছেইন আৰু কাৰিজুল ইছলাম সহ বহুটো ৷  আনহাতে ধৃত সকলক ৰখা হৈছে সংশ্লিষ্ট থানা আৰু আৰক্ষী চকীত ৷

Exit mobile version