SI Arrested In Lakhimpur:পুনৰ উৎকোচ লৈ হাত দাঙিলে আন এজন আৰক্ষী বিষয়াই

si arrested

SI Arrested In Lakhimpur:

ইজনৰ পাছত সিজনকৈ ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো যেন শিকনি হোৱা নাই একাংশ লোভীয়া বিষয়া-কৰ্মচাৰীৰ ৷

দুৰ্নীতি নিবাৰকৰ কোপ দৃষ্টিৰ পৰা সাৰিব পৰা নাই ঘোচখোৰ আৰক্ষীও ৷

বুধবাৰে উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় মেৰাফত আলী নামৰ আৰক্ষী উপ-পৰিদৰ্শকজন৷

লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাত নিয়োজিত হৈ আছিল উপ-পৰিদৰ্শকজন

উদ্থাপিত অভিযোগ অনুসৰি অপৰাধীক মুকলি কৰি দিয়াৰ নামত উপ-পৰিদৰ্শক মেৰাফত আলী লৈছিল ধন। আজি সেই ধন লওতেই পূৰ্বৰে পৰা অসামৰিক পোচাকত খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাই হাতিলোটে আটক কৰে ৷

আটকাধীন এছ আই আলীক অধিক জেৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version