Heroi SeizebIn Sonapur:সোণাপুৰৰ আমতলাবস্তিত আৰক্ষীৰ অভিযান

অভিযানত জব্দ ৩০টা নিষিদ্ধ হেৰ'ইন ভৰ্তি কন্টেইনাৰ, আটক মহিলাসহ ছয় ড্ৰাগছ সৰবৰাহকাৰী

sonapur 1

Heroin Seized In Sonapur:

সোণাপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৩০ টা নিষিদ্ধ হেৰ’ইন ভৰ্তি কন্টেইনাৰ ৷ বিশেষ সূত্ৰৰ পম খেদি অসম আৰক্ষীৰ বিশেষ শাখাৰ দল এটিয়ে সোণাপুৰৰ আমতলাবস্তিত অৰ্তকিতে অভিযান চলাই এগৰাকী মহিলা সহ ছয় ড্ৰাগছ সৰবৰাহকাৰীক হেৰ’ইন সহ আটক কৰে ৷

আটকাধীন সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ৩০টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ আৰু ৯ টা খালী কন্টেইনাৰ ৷ জব্দকৃত হেৰ’ইন খিনিৰ ওজন ৮৭.৪ গ্রাম ৷ লগতে আৰক্ষীয়ে জব্দ কৰে পাঁচটা ম’বাইল সহ নগদ ৪.৭০০ টকা ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ’ল মাৰ্ছেল চুটিং, বিনোদ মেধি, জংবক লিংডো, বিকি লিংডো, চাহাৰা বেগম আৰু ৰাজ থাপা।

Exit mobile version