Leopard Caged In Titabar:তিতাবৰৰ ৰঙাজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুূকী

leopod

Leopard Caged In Titabar:

তিতাবৰৰ বৰবাম চুঙীৰ ৰঙাজান চাহ বাগিচাত বিগত কে’বাদিন ধৰি সন্ত্ৰাস চলাই থকা এটা নাহৰফুটুকী অৱশেষত পিঞ্জৰাবদ্ধ হয় ৷

শনিবাৰে পুৱা বন বিভাগে পাতি থকা পিঞ্জৰাত আবদ্ধ হয় বাঘটো ৷ উল্লেখ্য যে,বাঘটো পিঞ্জিৰাবদ্ধ হোৱাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে যদিও এতিয়া বাগিচা খনত আৰু বাঘ অৱস্থান কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

ইতিমধ্যে পিঞ্জৰাবদ্ধ নাহৰফুটুূকী বাঘটো গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানালৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে বন বিভাগে ৷

Exit mobile version