Shraddhanjali Fly Over Bridge:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই বৃহস্পতিবাৰে আবেলি ৫-১৫ বজাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মহানগৰীৰ জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন । ইতিমধ্যে আটকধুনীয়াকৈ সজাই – পৰই তোলা হৈছে শ্ৰদ্ধাঞ্জলি উৰণ সেঁতু।
উল্লেখ্য যে ,আজি উদ্বোধন হ’বলগীয়া সেঁতুখন ইয়াৰ পূৰ্বে মুকলি হোৱা উৰণীয়া সেঁতু কেইখনকৈ কিছু ব্যতিক্ৰমী ৷
আনহাতে শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন মুকলি হোৱাৰ লগে লগে আৰ জি বৰুৱা পথত সঘনাই দেখি থকা যানজঁট ৷ বিশেষকৈ চানমাৰিফালৰ পৰা গণেশগুৰি আৰু গীতানগৰ, নাৰেংগী,নুনমাটি সহ বৃহত্তৰ অঞ্চলত সততে দেখা দিয়া যানজঁটৰ সমস্যা দূৰ হ’ব ৷ সেঁতু খনত কিছু নতুন কাৰিকৰী ব্যৱস্থা সংযোজন কৰা হৈছে ৷ সেঁতু খন যদিও তিনিলেনযুক্ত হিচাপে নিৰ্মাণ কৰি হৈছে যদিও মাডাৰ টেৰেছা ৰোডৰ ফালে দুইলেনযুক্ত কৰা হৈছে ৷
প্ৰতিষ্ঠিত ঠিকাদাৰ অনিল দাসে ৩১৬ কোটি ১১ লাখ টকা ব্যয়ৰে নিৰ্মাণৰ বাবে ৩০ মাহৰ সময় লৈছিল যদিও ১৯ মাহৰ ভিতৰত হৈ উঠিল ৷ সেঁতু খনৰ মুঠ দৈৰ্ঘ্য ২,৮৩ কিলোমিটাৰ ৷ আনহাতে আৰ জি বৰুৱা পথৰ দৈৰ্ঘ্য ১৯৭০ মিটাৰ আৰু মাডাৰ টেৰেছা পথৰ দৈৰ্ঘ্য হৈছে ৩১৩ মিটাৰ ৷