Cattle Seized In Hawajan:গহপুৰত অইল টেংকাৰৰ পৰা জব্দ গো-ধন

cattle seized 1

Cattle Seized In Hawajan:

দুৰ্গা পূজাৰ মহাষষ্ঠীৰ আনন্দ-উছাহৰ মাজতে গহপুৰৰ হাৱাজানত আৰক্ষীৰ নিয়মীয়া তালাচী জব্দ হ’ল এখন অইল টেংকাৰ

ADVERTISEMENT

সময়ে সময়ে আৰক্ষীৰ অভিযানত অইল টেংকাৰ পৰা ভাং বা অন্য নিষিদ্ধ সামগ্ৰী জব্দ কৰে যদিও এইবাৰ হ’ল ব্যতিক্ৰম ৷ চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে এইবাৰ টেংকাৰত সৰবৰাহ কৰিছে গো-ধন ৷

শুক্ৰবাৰে নিশা গহপুৰৰ হাৱাজানত আৰক্ষীয়ে গোপন খৱৰৰ ভিত্তিত এখন অইল টেংকাৰত ক্ষীপতাৰে তালাচী চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২০ টাকৈ গৰু।এএছ০৫-১৬৫৫ নম্বৰৰ অইল টেংকাৰৰ পৰা জব্দ কৰে হাৱাজান আৰক্ষী চকীৰ আৰক্ষীয়ে কলাবাৰীত জব্দ কৰিবলৈ সক্ষম হয় উল্লিখিত গো-ধন কেইটা ৷

উল্লেখ্য যে,গো- ধন কঢ়িয়াই অনা অইল টেংকাৰ খনে গোপনে গৰু খিনি লখিমপুৰ আৰু ধেমাজীৰ পৰা আনি নগাঁও হৈ গুৱাহাটী অভিমুখে নি থকাৰ পৰিকল্পনা আছিল ৷

আনহাতে নিশা ডেৰ বজাত আৰক্ষীয়ে অভিযান চলাই টেংকাৰ খন জব্দ কৰে যদিও এন্ধাৰৰ সূযোগ লৈ টেংকাৰ খনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে ৷

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত

Exit mobile version