Uppar Majuli:উজনি মাজুলীৰ চৰাঞ্চলত বিচৰণ ১৫০টা বন্যহস্তীৰ জাক !

আতংকিত চৰবাসী

wild elephant in majuli

Uppar Majuli:

নদীদ্বীপ মাজুলীত বন্যহস্তীৰ তাণ্ডৱ ৷ উজনি মাজুলীৰ চৰাঞ্চলত বিচৰণ কৰিছে প্ৰায় ১৫০জনীয়া এটা বন্যহস্তীৰ জাক ৷

উল্লেখ্য যে,চৰ-চাপৰিৰ শস্য খাবলৈ ওলাই অহা বনৰীয়া হাতীৰ জাকটো দেখি আতংকিত হৈ পৰিছে চৰবাসীৰাইজ ।

বৃহৎ জাকটোৱে পথাৰৰ সোণগুটি এফালৰ পৰা মহতিয়াই নিয়াত কৃষকে এতিয়া মুৰে -কপালে হাত দিছে ৷
আনহাতে এই বৃহৎ জাকটো উভতাই পঠিওৱা ক্ষেত্ৰত বন বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে চৰাঞ্চলৰ গঞা ৷

Exit mobile version