Jonai Incident:ধেমাজিত ভয়ংকৰ অঘটন !

বাঁহৰ দলং ভাঙি তলত সৰি পৰিল ছাত্ৰ-ছাত্ৰী, আহত ২০ শিক্ষাৰ্থী,পাঁচজনৰ অৱস্থা সংকটজনক

damage bridge 1

Jonai Incident:

ৰাজ্যত ব্যাপক উন্নয়ণৰ ঢাকঢোল বজাই ৰাজ্য চৰকাৰে বা:বা: লোৱাৰ মাজতে উন্নয়নৰ ফোপোলা স্বৰূপ উন্মোচিত হ’ল উত্তৰ পাৰৰ জোনাইত ৷

বানত বিধ্বস্ত জোনাইত স্থানীয় বিধায়ক ভূবন পেগুৰ অকমন্যতাৰ ফল ভোগ কৰিছে সমষ্টিবাসীয়ে । উন্নয়নৰ পিনে পিঠি দিয়াৰ ফল ভুগিছে সমষ্টিটোৰ গঞাই ৷

আজি পুৱাতে সমষ্টিটোৰ চহবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ বাঁহৰ দলং ভাঙি তলত সৰি পৰিল ছাত্ৰ-ছাত্ৰী। বাঁহৰ দলংখনৰে গৈ আছিল কেইবা গৰাকীও ছাত্ৰ-ছাত্ৰী। কিন্ত দলংৰ মাজ পাওঁতেই ভাঙি পৰে বাঁহৰ দলং খন ৷ ফলত সৰি পৰে সকলো শিক্ষাৰ্থী ৷ দুৰ্ঘটনাত ২০গৰাকী ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ বিপৰীতে পাঁচ গৰাকীৰ অৱস্থা সংকটজনক।

ইতিমধ্যে আহত আটাইকে জোনাইৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷
আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পাছতে শিক্ষাৰ্থী সকলৰ অভিভাৱক সহ স্থানীয় লোক উপস্থিত হৈ পানীত পৰা শিক্ষাৰ্থী সকলক উদ্ধাৰ কৰা কৰে ৷ ঘটনাস্থলীত এক হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয় ৷

ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক ভূবন পেগু সহ পঞ্চায়ত জনপ্ৰতিনিধিত জৰাজীৰ্ণ দলং খনৰ পৰিৱৰ্তে এখন কংক্ৰিট দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল যদিও কোনো গুৰুত্ব আৰোপ নকৰিলে ৷ যাৰ ফলস্বৰূপে আজি এনে দুৰ্ঘটনা সংঘটিত হয় ৷ ৰাইজে স্থানীয় বিধায়ক ভূবন পেগু সহ চৰকাৰক একেমুখে ধিক্কাৰ দিছে ৷

Exit mobile version