UNO:
পশ্চিম এছিয়াৰ প্ৰসংগত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আলোচনাৰ সময়ত কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰে পাকিস্তানৰ প্ৰতিনিধিয়ে ৷ তাৰেই প্ৰত্যুত্তৰ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি আৰ ৰবীন্দ্ৰই কয়, ‘এই মন্তব্যক আমি ঘৃণাৰে অৱজ্ঞা কৰিছো। ইয়াৰ উত্তৰ দি বিষয়টো মৰ্যাদা প্ৰদানৰ প্ৰয়োজন নাই।’
ADVERTISEMENT
উল্লেখ্য যে পাকিস্তানৰ প্ৰতিনিধি মুনীৰ আক্ৰমে পশ্চিম এছিয়াৰ আলোচনাৰ প্ৰসংগত কৈছিল, ‘পেলেষ্টাইন আৰু কাশ্মীৰৰ অধিকৃত অঞ্চলৰ বাসিন্দাসকলৰ ওপৰত যিসমূহ দেশে অত্যাচাৰ চলাই আহিছে, এইয়া নিৰাপত্তা পৰিষদতে তেওঁলোকৰ মিত্ৰ ৰাষ্ট্ৰসমূহ আছে।
নাম উল্লেখ নকৰিলেও ভাৰতক লক্ষ্য কৰিয়ে যে এই ভাষ্য দাঙি ধৰা হৈছে তাত সন্দেহৰ অৱকাশ নাই। পাকিস্তানৰ পৰা এয়াই আশা কৰিব পাৰি বুলি ভাৰতে মন্তব্য কৰে।