Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : মহাসপ্তমী তিথিত ব্যস্ততা বৃদ্ধি পাব। শ্রীশ্রী দুর্গাদেৱীক পদুম ফুলেৰে অঞ্জলী প্রদান কৰিব। গুলপীয়া বস্ত্ৰ পৰিধান শুভ হ’ম।

বৃষ:পূজা স্থাপনত তিনি সৰা চাকি জ্বলাব। দেবী-মাক মিঠা বস্তু ভোগ দিব। হালধীয়া বস্ত্ৰ পৰিধান শুভ হ’ব। পদুম ফুল আৰু জবা ফুলেৰে অঞ্জলী দিব পূজা চলি থকা সময়ত ক’লা বস্ত্ৰ পৰিধান নকৰিব।

মিথুন : শুভ ৰং ৰঙা। ১০৮ টা জবা ফুলৰ মালা দুৰ্গাদেৱীক অৰ্পণ কৰিব। ৰঙা ফুলেৰে অঞ্জলী দিব।

কর্কট : আজি দেৱীৰ মহাসপ্তমী পূজা। আজি চন্দন মিশ্রিত পানীৰে স্নান কৰিব। আজি তাল খোৱা নিষিদ্ধ। দেৱীক অঞ্জলী প্রদান সময়ত ৰঙা নাইবা হালধীয়া বস্ত্ৰ পৰিধান কৰিলে শুভ।

সিংহ : আনন্দৰে পূজা স্থলীত উপস্থিত থাকক আৰু দেৱীৰ চৰণত শ্রাদ্ধা, ভক্তি নিবেদন কৰক।

কন্যা : আজি ঘৰত আলহী আগমণ হ’ব। কিন্তু নিৰামিষ খাদ্য গ্রহণ কৰিব। সপ্তমী পূজাত বগাফুল আৰু নীলা ফুলেৰে অঞ্জলী দিব। টেঙা জাতীয় বস্তু নোখোৱা ভাল।বগা আৰু নীলা শুভ ৰং ।

তুলা : সন্তানৰ সাফল্য। ধনত ভাল। ৰাজহুৱা অনুষ্ঠানত আগদান। খাদ্য নিয়ন্ত্ৰণ কৰিব। নিৰামিষ আহাৰ কৰিব। বিমানত, কেৰেলা নাখাব। ১০ টা পদুম ফুল দুর্গা মাতাক অৰ্পণ কৰিব লগতে মৌ- জল দিব। গুলপীয়া ৰং শুভ।

বৃশ্চিক : পূজাত বগা চন্দন আৰু অগৰু সুগন্ধী দান দিব। ৰঙা বস্ত্ৰ পৰিধান কৰিব পূজাত অংশগ্ৰহণ কৰিব। অঞ্জলীত পদুম ফুল অৱশ্যে থাকিব।

ধনু : সামাজিক কর্মত জড়িত থকা ব্যক্তিসকলে কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব। ব্যৱসায়ত সিমান ভাল ফল নাপাব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

মকৰ : ৰাতিপুৱা গৃহৰ উত্তৰ-পূৰ দিশত সাত গছ চাকি জ্বলাব। পদুম ফুলেৰে দুৰ্গা পূজাত, অঞ্জলী দিব। আজি তিতা নাখাব।

কুম্ভ : পূজা মণ্ডপত যোৱাৰ আগতে মন্দিৰ দৰ্শন কৰিব। আজি পূজাত সাত বিধ ফল দিব। উপবাসে থাকি অঞ্জলী দিব।

মীনঃ বাসন্তী ৰঙৰ বস্ত্ৰ পূজাত দান দিব পাবে। ১০৮ টা পদুম ফুলৰ মালা অৰ্পণ কৰিব। উপবাসে থাকি অঞ্জলী দিব।

Exit mobile version