Joining Ceremony At State BJP Office:ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান অনুষ্ঠান

বিজেপিয়ে সমাজলৈ উন্নয়ন কঢ়িয়াই আনিছে: ভবেশ কলিতা

bjp joining 2

Joining Ceremony At State BJP Office:

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত মৰিয়নি পৌৰ সভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ- পৌৰপতি প্ৰদীপ দাসসহ সদস্য সকল,অসম চাহ মজদুৰ সংঘৰ যোৰহাট জিলাৰ সভাপতি তথা শ্ৰমিক নেতা বিলাতী তাঁতী, সাধাৰণ সম্পাদক নিলেশ গৌড়ৰ লগতে কেইবাজনো সমাজ সেৱকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নৱাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই কয়, বিজেপিয়ে সমাজলৈ উন্নয়ন আৰু প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনিছে। সেয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি জনসাধাৰণে অকুণ্ঠ সমৰ্থন আগবঢ়াইছে।

যোগদান কাৰ্যসূচীয়ে অনাগত দিনত চাহ জনগোষ্ঠী অধ্যুষিত এলেকাত ধনাত্মক প্ৰভাৱ পেলাব বুলি কলিতাই লগতে বক্তব্য প্ৰদান কৰে। ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক তথা সাংসদ পল্লব লোচন দাস, ৰাজ্যিক উপ সভাপতি তথা সাংসদ তপন গগৈ, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আজিৰ যোগদান অনুষ্ঠানত উপস্থিত আছিল।

Exit mobile version