Drugs Seized In Khatkhati:খটখটিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক

drugs seized

Drugs Seized In Khatkhati:

শুকুৰবাৰে পুৱা কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষীৰ জালত তিনিচুকীয়া জিলাৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী

খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখী AS 05G-1702 নম্বৰৰ ৰিমজিম নামৰ এখন যাত্ৰীবাহী বাছত তালাচী চলাই খটখটি আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ

বাছখনত যাত্ৰীৰূপে অহা এগৰাকী মহিলাৰ বেগৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰাগছখিনি ৷ খটখটি আৰক্ষীয়ে মহিলা গৰাকীৰ পৰা ২০ টা চাবোনৰ বাকচত মুঠ ২৫৪ গ্ৰাম হেৰইণ জব্দ কৰে ৷

ড্ৰাগছসহ আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ জাগুনৰ ৰীতা মজুমদাৰ নামৰ এগৰাকী মহিলাক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version