Mysterious Death Of woman on Zoo-Road:মহানগৰীৰ জু -ৰোডত ৰহস্যজনক মৃত্যু মহিলাৰ

getanagar police

Mysterious Death Of woman on Zoo-Road:

মহানগৰীৰ জু-ৰোডত চাঞ্চল্যকৰ অঘটন ৷ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি, জু-ৰোডৰ ‘এক্সটিকা নামৰ এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ এগৰাকী মহিলা আবাসী তললৈ সৰি পৰি থিতাতে মৃত্যু হয় ৷ নিহত মহিলাগৰাকীক মীনাক্ষি নন্দি ৰায় বুলি চিনাক্ত কৰা হৈছে ।

শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে হুৱাদুৱা লাগে এপাৰ্টমেণ্টটোত ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ তেজেৰে তুমৰলি হৈ পৰি থকা মহিলা গৰাকীৰ নিথৰ দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷

এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ পৰা তললৈ সৰি পৰা মহিলা গৰাকীক কোনোবাই হত্যা কৰিছেনে নে,নিজেই আত্মহনণ কৰিছে ৷ এই সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাহে সকলো স্পষ্ট কৰিব বুলি আশা কৰিছে তদন্তকাৰী আৰক্ষীয়ে ৷

Exit mobile version